NORTHEAST NOW (Assamese)
অসম

টীয়কত ৰাইজৰ দলৰ গণ সমাবেশ আৰু যোগদান সমাৰোহ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 5, 2021 7:23 pm

যোৰহাট জিলাৰ ১০২ নং টীয়ক সমষ্টিত নৱ গঠিত ৰাইজৰ দলৰ বামুণপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চুড়ামণি গাঁওবাসীৰ সহযোগত ঐক্যবদ্ধ, আপোচহীন, প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এখন যোগদান সভা অনুষ্ঠিত হয়।

জাঁজী চুড়ামণি গাঁৱত এই দলীয় সমাবেশ আৰু যোগদান কাৰ্য্যসূচীৰ অনুষ্ঠানটো অনুষ্ঠিত হয়।

উক্ত সমাবেশত জিলা পৰ্য্যায়ৰ কেইবাগৰাকীও দলীয় বিষয়ববীয়া উপস্থিত থাকি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক তীব্ৰ ভাষাৰে সমালোচনা কৰি অসমত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবলৈ আহ্বান জনায়।

ৰাইজৰ দলৰ নেতা-ৰ্কমী সকলে অসম জাতীয় পৰিষদৰ লগত অধিক বুজাবুজিৰ মাজেৰে নিৰ্বাচন অৱতীৰ্ণ হৈ অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দল আগুৱাই যাব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, ৰাইজৰ দলে আনুষ্ঠানিকভাৱে অসমৰ ৰাজনীতিক আত্মপ্ৰকাশ কৰাৰ পাছত উজনি অসমৰ বিভিন্ন জিলাত ইয়াৰ সাংগঠনিক কাম-কাম আৰম্ভ কৰিছে।