NORTHEAST NOW (Assamese)
অসম

কেৰেলাৰ বানাক্ৰান্তৰ বাবে হোজাই জিলাৰ গীৰ্জা প্ৰশাসনৰ বৰঙণি সংগ্ৰহ অভিযান

Posted by: নিখিল মুন্দ্ৰা August 23, 2018 1:42 pm
IMG-20180823-WA0006

কেৰেলাৰ বানাক্ৰান্ত লোকসকলৰ সাহায্যাৰ্থে বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ সাতগাঁও মিশ্যন ডায়চেজ, লংকাই এটা দুদিনীয়া বৰঙণি সংগ্ৰহ অভিযান সম্পন্ন কৰিছে। বকলীয়া, লাংহিন আৰু ডোকমোকা চহৰত  আগষ্টৰ ২১ আৰু ২২ তাৰিখে এই বৰঙণি তোলা অভিযান চলোৱা হৈছে বুলি গীৰ্জা প্ৰশাসনৰ পৰা প্ৰকাশিত এটা সংবাদ বিবৃতিত এই কথা প্ৰকাশ পাইছে।

সংবাদ বিবৃতিতটোৰ মতে ফাডাৰ থাংহাওৰ নেতৃত্বত বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ সাতগাঁও মিশ্যন ডায়চেজ, লংকাৰ এটা দলে হাতে হাতে প্লেকাৰ্ড আৰু  ‘কেৰেলা বানাক্ৰান্তৰ বাবে সাহায্য প্ৰাৰ্থনা’ (ইংৰাজীত) লিখা বেনাৰ লৈ বানাক্ৰান্ত সকলৰ সাহায্যৰ বাবে দোকান, পোহাৰৰ লগতে মানুহৰ পৰাও সাহায্য বিচাৰে।

এটা বিবৃতিত ফাডাৰ থাংহাওৱে কৈছে যে বানত ইতিমধ্য সৰ্বস্বান্ত হোৱা কেৰেলাৰ জনসাধাৰণলৈ এই দুৰ্যোগৰ সময়ত সহায় কৰাৰ বাবে গীৰ্জা আগবাঢ়ি আহিছে।

তেওঁ আৰু কৈছে যে এই দুদিনীয়া বৰঙণি তোলা অভিযানত উঠা ধন, সাহায্য সামগ্ৰী আদি দুৰ্গতসকলৰ মাজত বিতৰণৰ উদ্দেশ্যে কেৰেলা চৰকাৰৰ বান সাহায্য পুঁজিলৈ প্ৰেৰণ কৰা হ’ব ।

বানাক্ৰান্তসকলৰ সাহায্যৰ বাবে মুক্তহস্তে বৰঙণি দিয়া সকললৈও ফাডাৰে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।