NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ১২০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ আৰ এছ এছৰ

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী April 8, 2020 10:50 pm
Lockdown: RSS distributes food items to 1,200 poor families in Dibrugarh

লকডাউনৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ডিব্ৰুগড় চহৰৰ ১২০০ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

সংঘই বিপিএল আৰু এপিএল কাৰ্ড নথকা পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

আৰ এছ এছৰ ডিব্ৰুগড় নগৰ প্ৰমুখ শংক শৰ্মাই কয় যে তেওঁলোকে চৰকাৰী সাহায্য নোপোৱা পৰিয়ালসমূহক সাহায্য যোগানৰ চেষ্টা কৰিছে।

“এতিয়ালৈকে আমি চহৰৰ ১২০০ পৰিয়ালৰ মাজত চাউল, ডাইল, নিমখ, আলু, মিঠাতেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছো,” তেওঁ জনায়।

তেওঁ জনাই যে চহৰখনৰ মুঠ ২০০০টা পৰিয়ালৰ মাজত সংঘই এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁ কয় যে সামগ্ৰীসমূহ বিতৰণৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই চলা হৈছে।

চহৰখনৰ মুঠ ৩১টা স্থানত এই সাহায্য সামগ্ৰীসমূহ ঘৰে ঘৰে গৈ বা সমূহীয়াকৈ বিতৰণ কৰা হৈছে।

তেওঁ কয় যে স্বেচ্ছাসেৱকসকলে জিলা প্ৰশাসনৰ অনুমতি লৈ প্ৰতিদিনাই এই কাম কৰি আহিছে।