NORTHEAST NOW (Assamese)

বাল্যবিবাহ কৰাবলৈ গৈ দৰা, কইনাৰ পিতৃ-মাতৃ, কাজীসহ সাতজনক গ্ৰেপ্তাৰ ধূপধৰাত

July 25, 2018 9:25 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ অন্তৰ্গত গৰুছটকা গাঁৱৰ সমীপৰ কঠোৰবৰী গাঁৱত কালি নিশা সম্পন্ন হোৱা এখন বাল্যবিবাহ সন্দৰ্ভত দৰা, কইনাৰ পিতৃ-মাতৃ, আৰু কাজীসহ মুঠ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰামতে কালি নিশা ৰংজুলিৰ সমীপৰ কাণকাটা গাঁৱৰ বাসিন্দা নুৰ ইছলামৰ পুত্ৰ হাফিজুল ইছলাম নামৰ ২৬ বছৰীয়া যুৱকজনে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত কঠোৰবৰী গাঁৱৰ বাসিন্দা চমৰ আলীৰ নাবালিকা কন্যা (চাহিনা বেগম) এগৰাকীৰ স’তে বিবাহ সম্পন্ন কৰাৰ উদ্দেশ্যে আন কেবাজনো আত্মীয়ৰ সৈতে কইনাৰ ঘৰত উপস্থিত হয়৷

সেই মৰ্মে মুছলিম বিবাহ সম্পন্ন কৰা এগৰাকী কাজীয়ে এই বিবাহ সম্পন্নও কৰে৷ পিছত এই অবৈধ বিবাহৰ খবৰ আৰক্ষীয়ে লাভ কৰে আৰু সেইমতে ধূপধৰা আৰক্ষীৰ এটা দলে বিবাহথলীত উপস্থিত হৈ বিয়াখনৰ দৰা হাফিজুল ইছলাম, কইনাৰ পিতৃ চমৰ আলী, মাতৃ চাহেৰা বেগম, বিবাহ সম্পন্ন কৰা কাজী মইনুল হকৰ লগতে দৰাৰ তিনিগৰাকী আত্মীয়ক আটক কৰাৰ লগতে পিছত গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে বিবাহখনৰ কইনাগৰাকীৰ বয়স জন্মৰ প্ৰমাণ পত্ৰ অনুসৰি পোন্ধৰ বছৰ ন মাহ৷ সেয়েহে কইনাগৰাকী বিবাহৰ বাবে উপযুক্ত ১৮ বছৰ নোহোৱা হেতুকে এই বিয়াখন বাল্যবিবাহ বুলি গণ্য কৰি আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে৷ এই সন্দৰ্ভত ধূপধৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৯/১০/১১ ধাৰাত  ১৩৬/১৮ নং এটা গোচৰ ৰুজু কৰি আজি আটাইকেইগৰাকী লোককে গ্ৰেপ্তাৰ কৰি গোৱালপাৰাৰ জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আনহাতে নাবালিকা কইনাগৰাকীক গোৱালপাৰাস্থিত ‘শিশু কল্যাণ সমিতি’ৰ গৃহলৈ প্ৰেৰণ কৰে ৷

Related News