NORTHEAST NOW (Assamese)

বাৰিষাৰ পূৰ্বেই নদীৰ পাৰ, মথাউৰি, গৰাখহনীয়াৰ ব্যৱস্থা লোৱাৰ আশ্বাস মণিপুৰৰ জলসম্পদ মন্ত্ৰীৰ

December 21, 2017 8:59 pm · এন ই নাও নিউজ

মণিপুৰৰ জলসম্পদ মন্ত্ৰী লেতপাও পাওকিপে আজি সদনত কৰা এটা ঘোষণাত কয় যে চৰকাৰে ৰাজ্যখনৰ নদীৰ গৰাখহনীয়া, মথাউৰি তথা নদীৰ পাৰবোৰৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে মেৰামতিৰ ব্যৱস্থা অহা বাৰিষাৰ পূৰ্বেই কৰিবলৈ আঁচনি লৈছে। পাৰ ভগা, গৰা খহা আৰু পানীৰ তল যোৱা নদীৰ পাৰ মেৰামতি কৰাটো জল সম্পদ বিভাগৰ কামেই। অধিৱেশনৰ দ্বিতীয় দিনা এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰীজনে। জলসম্পদ বিভাগে এইটো কৰিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিব।

‘যদিও মানুহে প্ৰাকৃতিক দুৰ্য্যোগক সম্পূৰ্ণকৈ ৰোধ কৰিব নোৱাৰে, তথাপি বিভাগটোৱে এই সমস্যাটোৰ সমাধানৰ যৎপৰোনাস্তি চেষ্টা কৰিব।’ মন্ত্ৰীজনে কয়। বিধানসভা চলিত অধিৱেশনৰ মাজত প্ৰশ্নোত্তৰ কালত কুম্বি সমষ্টিৰ বিধায়ক এ বিৰাই উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীজনে এইদৰে কয়। উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাৰ সময়তে ইথাই বান্ধৰ পানী এৰি দিয়াৰ ফলত বিষ্ণুপুৰ জিলাৰ চুগনু আৰু কুম্বি বিধান সভা সমষ্টিৰ লগতে কাকচিং জিলাৰ নদীবোৰৰ বহুকেইটা মথাউৰি ভাগিছিল। এই প্ৰসংগতে সোধা প্ৰশ্নৰ উত্তৰ দি জল সম্পদ মন্ত্ৰীজনে এইদৰে কয়। ইথাই বান্ধ হ’ল মণিপুৰ নদীৰ ওপৰত থকা এটা ৩৫ মিটাৰ ওখ বান্ধ আৰু ই লোকটক বহুমুখী প্ৰকল্পৰ এটা প্ৰধান অংশ।

এইখিনিতে কোৱা প্ৰয়োজন যে যোৱা বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰাৰ কিছু দিনৰ পিছতে মুখ্য মন্ত্ৰী বীৰেন সিঙে ৰাজ্যখনৰ বান সমস্যাৰ স্বাৰ্থত লোকটক বহুমুখী প্ৰকল্পটোৰ এটা পুনৰ পৰ্য্যালোচনাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰস্তাৱ দিছিল।

Related News