NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ দূৰ্গত অগপৰ ৰণচালি; নলবাৰীত নাগিৰকত্ব বিধেয়কৰ বিৰুদ্ধে সহস্ৰাধিকৰ শংখনাদ

Posted by: এন ই নাও নিউজ July 19, 2018 3:22 pm
37409020_833379047052879_8630214307130376192_n

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব নিঃশেষ কৰাৰ বাবে অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ মিত্ৰ জোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অগপয়ো সমগ্ৰ অসমতে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

শেহতীয়াকৈ অসম গণ পৰিষদ দলে নাগৰিক্ত সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ বাবে গ্ৰহণ কৰা শংখনাদ কাৰ্যসূচীৰ অংশস্বৰূপে আজি নলবাৰীত বিশাল প্ৰতিবাদী সমদলেৰে গ্ৰহণ কৰিলে শংখনাদ কাৰ্যসূচী।

আজি অসম গণ পৰিষদ দলৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা অগপৰ নলবাৰী সমষ্টিৰ সহযোগত ঐতিহাসিক গৰ্ডন খেলপথাৰত আয়োজন কৰা এই বিশাল ৰাজহুৱা সভা তথা শংখনাদ কাৰ্যসূচীত প্ৰায় দহ সহস্রাধিক লোকৰ অংশগ্ৰহনেৰে জাতি ধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

a1b6eb0c-898d-4ffa-aa13-8bc3166cd9f7

আজিৰ এই শংখনাদ কাৰ্যসূচীত উপস্থিত থকা দলটোৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফনীভূষন চৌধুৰী, দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দই কোনো কাৰণতে এই বিধেয়কৰ সমৰ্থন নকৰো বুলি এক প্ৰকাৰ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপিক হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে নলবাৰী জিলাৰ আটাইকেইটা সমষ্টিয়ে বিজেপিৰ দখলত থকাৰ পাছতো আজি এইদৰে হাজাৰ হাজাৰ লোকে অগপৰ এই শংখনাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখি কেন্দ্ৰীয় নেতৃত্ব উৎফুল্লিত হৈ পৰে। তেওঁলোকে লগতে অসমত যে আঞ্চলিকতাবাদৰ বিকল্প নাই তাকেই নলবাৰীবাসী ৰাইজে আজি প্ৰমাণ কৰি দেখুৱালে বুলিও মন্তব্য কৰা পৰিলক্ষিত হয়।