NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰৰ দিনত অসমত কৰ সংগ্ৰহ বৃদ্ধি পাইছে : বিত্তমন্ত্ৰী

March 16, 2018 7:41 am · এন ই নাও নিউজ

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে। এই বৃদ্ধি পোৱা ৰাজহৰ লগতে কেন্দ্ৰীয় কৰৰ অংশ, কেন্দ্ৰীয় পুঁজি আৰু বিত্তীয় আয়োগৰ অনুদানৰ জৰিয়তে চৰকাৰে বাজেটত ঘোষণা কৰা আঁচনিসমূহ কাৰ্যকৰী কৰিব।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট আলোচনাৰ উত্তৰ দি বৃহস্পতিবাৰে বিধানসভাত এইদৰে মন্তৱ্য কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যখনত কৰ সংগ্ৰহৰ এক পৰিসংখ্যা দাঙি ধৰি বিত্তমন্ত্ৰী গৰাকীয়ে সদনত জনায় যে কংগ্ৰেছৰ শাসনকালত ২০১১-১২ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ নিজা কৰ সংগ্ৰহ পূৰ্বৰ বছৰবোৰৰ তুলনাত ২৬.৫২ শতাংশ বৃদ্ধি হৈছিল। এই কৰ সংগ্ৰহৰ হাৰ ক্ৰমে কমি গৈ ২০১৪-১৫ বিত্তীয় বৰ্ষত মাত্ৰ ১.৩৯ শতাংশ হৈছিলগৈ।

কৰ সংগ্ৰহৰ হাৰ এনেদৰে কমি যোৱা ঘটনাৰ প্ৰকৃততে চিবিআই তদন্ত হ’ব লাগিছিল বুলিও মন্তৱ্য কৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, ২০১৬-১৭ বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ পূৰ্বৰ বছৰতকৈ ৩.৩৯ শতাংশ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। তেওঁ লগতে সদনক জনায় যে চলিত বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ প্ৰায় ১৭ শতাংশ বৃদ্ধি পাইছে।

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলত পৰিবহন বিভাগৰ কৰ সংগ্ৰহ ২২ শতাংশলৈ আৰু আবকাৰী বিভাগৰ কৰ সংগ্ৰহ পূৰ্বৰ ২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে।

বিক্ৰী কৰৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি পূৰ্বৰ ৩-৪ শতাংশৰ পৰা বৰ্তমান চৰকাৰৰ দিনত ১৪ শতাংশ বৃদ্ধি পাইছে।

অহা বিত্তীয় বৰ্ষত ১৯.২ শতাংশ বৃদ্ধি পাব বুলি দাবী কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ইয়াৰ ফলত ৰাজকোষলৈ ১৭,৪৫২ কোটি আহিব বুলি জানিব দিয়ে।

Related News