NORTHEAST NOW (Assamese)

বিজয় মুকুট পিন্ধি ঘৰলৈ উভতিল ‘ভয়চ ইণ্ডিয়া কিডছ’ৰ চেম্পিয়ন মানসী

March 14, 2018 4:45 pm · এন ই নাও নিউজ

এণ্ড টিভিৰ ৰিয়েলিটি শ্ব’ ভয়চ ইণ্ডিয়া কিডছ ছিজন-২ ৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনা অসম জীয়ৰী মানসী চহৰীয়া আজি অসম আহি পালেহি।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোত বিজয়ী খিতাপ দখল কৰা মানসীয়ে ট্ৰফীৰ লগতে ২৫ লাখ টকাৰ এখন চেক লাভ কৰিছিল।

দেওবাৰে নিশা এণ্ড টিভিত চেম্পিয়নগৰাকীৰ নাম ঘোষণা কৰাৰ লগে লগে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰে।

শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীক চেৰ পেলাই বিজয়ী খিতাপ আঁজুৰি আনিবলৈ সক্ষম হোৱা মানসীৰ ঘৰ হৈছে দৰং জিলাৰ কলাইগাঁৱৰ উডমাৰিত।

নিচেই কম বয়সৰ পৰাই সংগীতৰ প্ৰতি আগ্ৰহ থকা মানসীয়ে ঘৰখনতে পাইছিল এক মধুৰ সাংগীতিক পৰিবেশ।তেওঁৰ দেউতাক অনুপম চহৰীয়া এগৰাকী ভাল বাদ্য-যন্ত্ৰ শিল্পী তথা মাতৃ জীতু মণি চহৰীয়াই  ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।

আনহাতে উক্ত প্ৰতিযোগীতাখনত দ্বিতীয় ৰানাৰ্ছআপৰ খিতাপ দখল কৰে আন এগৰাকী অসম সন্তান শ্ৰুতি গোস্বামীয়ে।

দুগৰাকীকৈ অসম কন্যাৰ এই সাফল্যয়ে অসমবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

 

Related News