NORTHEAST NOW (Assamese)
অসম

বিদ্যালয়ত এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতমূলক কৰাৰ বাবে চৰকাৰক ‘প্ৰেৰণা’ যোগাইছে স্বৰ্ণৰাণী হিমাই

Posted by: এন ই নাও নিউজ August 7, 2018 1:51 pm
rathore-pic-570x320

অলপতে ফিনলেণ্ডৰ টাম্পেৰেত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ট্ৰেক ইভেন্টত ৪০০ মিটাৰ দৌৰত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঠিয়াই অনা অসমৰ হিমা দাসে দেশখনত ক্ৰীড়াক আগবঢ়াই নিয়াত প্ৰেৰণা যোগাইছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰে সোমবাৰে কয় যে বিদ্যালয়সমূহ অহা বছৰৰ পৰা পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰি এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতামূলক কৰা হ’ব।

সেইদৰে মণিপুৰৰ ক্ৰীড়াবিদ মেৰীকম (বক্সিং), বিশ্ব চেম্পিয়ন মীৰাবাই চানু (ভাৰত্তোলন), চেন্নাইয়ন এফ চিৰ হৈ খেলি থকা শ্ৰেষ্ঠ ভাৰতীয় ফুটবলাৰ মিজোৰামৰ জেজে লালপেখ্লুৱাকে ধৰি দেশৰ আন কেইবাজনো ক্ৰীড়াবিদৰ প্ৰদৰ্শনত চৰকাৰ ‘অতিশয় অনুপ্ৰাণিত’ হৈ পৰিছে।

আগশাৰীৰ বাতৰিকাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিত ৰাথোৰৰ উদ্ধৃতিৰে কোৱা হৈছে, ‘’ আমি এনে এটা পৰ্যায়ত আহি উপনীত হৈছো য’ত ক্ৰীড়া শিক্ষাৰ  অংশ নহয়, এইটোও শিক্ষা। শিক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ২০১৯ৰ ভিতৰত বিদ্যালয়ৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰা হ’ব আৰু এটা ক্ৰীড়াৰ পিৰিয়ড নিয়মীয়াকৈ ৰখা হ’ব।‘’

বাতৰিটোত লগতে ৰাথোৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মন্ত্ৰালয়ে ক্ৰীড়াক প্ৰাসংগিক কৰি তুলিবলৈ কেইবাটাও দিশৰ পৰিকল্পনা কৰি আছে। ‘’ আমি লগতে নিশ্চিত কৰিছো যে ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণে (ছাই) ২০২২ চনৰ ভিতৰত ইয়াৰ কৰ্মশক্তি ৫০ শতাংশলৈ হ্ৰাস কৰিব যাতে তেওঁলোকে ক্ৰীড়াত অধিক মনযোগ দি এটা সীমিত সংস্থা হৈ ক্ৰীড়াৰ নামত ধন ব্যয় কৰিব পাৰে।‘’

‘’এই বছৰ আমি ২০ খন বিশেষ ক্ৰীড়া বিদ্যালয় গঢ়ি তুলিম আৰু ভাৰত চৰকাৰে তাত প্ৰায় ৭-১০ কোটি টকা প্ৰতিখনৰ বাবে ব্যয় কৰিব। এই ধাৰণাটোত প্ৰতিখন বিদ্যালয়তে নিৰ্দিষ্ট লক্ষ্য বান্ধি লোৱা হৈছে যাতে প্ৰতিখন বিদ্যালয়তে মাত্ৰ দুটা বা তিনিটা মুখ্য ক্ৰীড়া থাকিব। সেইবোৰত বিশেষভাৱে জোৰ দিয়া হ’ব,’’-তেওঁ কয়।