NORTHEAST NOW (Assamese)
অসম

বিদ্ৰোহ ত্যাগ কৰি প্ৰাক্তন আলফা সদস্যই আদৰি লৈছে জীৱন নিৰ্বাহৰ ব্যতিক্ৰমী পথ

Posted by: কাজি জেইদুল ইছলাম March 24, 2018 4:55 pm
Training program on Animal Husbandry

এসময়ত বন্দুক লৈ সশস্ত্ৰ বিপ্লৱৰ পথ বাছি লোৱা এচাম প্ৰাক্তন আলফা সদস্যই এতিয়া পশুপালন কৰি জীৱন নিৰ্বাহৰ পথ আদৰি লৈছে।

প্ৰাক্তন আলফা ঐক্য মঞ্চ কেন্দ্ৰীয় সমিতি, অবিভক্ত শোণিতপুৰ জিলা সমিতি, বড়ো ভলেন্টাৰী ফ’ৰ্চ আৰু অসম চৰকাৰ হাঁহ কুকুৰা পশুধন নিগমৰ সহযোগত বিশ্বনাথ চাৰিআলি বীনাপাণি নাট্য সমাজ প্ৰাঙ্গণত তিনিদীনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশুপালন সম্পৰ্কীয় প্ৰশিক্ষণ শিবিৰৰ আজি অন্তিমটো দিন অনুষ্ঠিত হয়।

প্ৰশিক্ষণ শিবিৰত বিশ্বনাথ জিলাৰ চতিয়া, বিহালী, বিশ্বনাথ আৰু গহপুৰ সমষ্টিৰ পৰা অহা প্ৰায় তিনি শতাধিক প্ৰাক্তন আলফা সদস্য আৰু অবিভক্ত শোণিতপুৰ জিলা সমিতি আৰু বড়ো ভলেন্টাৰী ফ’ৰ্চৰ সদস্যই অংশগ্ৰহণ কৰে।

উক্ত প্ৰশিক্ষণ শিবিৰটোৰ জৰিয়তে হাহঁ কুকুৰা তথা পশুধন পালনৰ ক্ষেত্রত ল’ব লগা সাৱধানতা তথা কেনেদৰে বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰি সেই বিষয়ে অংশগ্ৰহণকাৰী সকলক বিশদভাৱে অৱগত কৰোৱা হয় |

বিশেষকৈ এই প্ৰশিক্ষণ লাভ কৰি যাতে অংশগ্ৰহণকাৰী সকলে পশুধন পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি আত্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে তাৰে উদ্দেশ্যে যোৱা তিনিদিনীয়া কাৰ্য্যসূচীৰে উক্ত প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰা হৈছিল।

আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুযায়ী বিশ্বনাথৰ কেইবাটাও জাতীয় দল সংগঠনৰ বিষয়ববীয়া , বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকা দেৱকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে|