NORTHEAST NOW (Assamese)

বিবাহস্থলীৰ পৰা আটক চাঁওতাল লিবাৰেশ্যন আৰ্মিৰ সেনাধক্ষকে ধৰি তিনি সদস্য

March 13, 2018 10:37 pm · ৰিনয় বসুমতাৰী

চোৰাংচোৱা বিভাগৰ পৰা পোৱা খবৰৰ ভিত্তিত সেনা বাহিনী, স্থানীয় আৰক্ষী আৰু ক’ব্ৰা বেটেলিয়নে মিলি সোমবাৰে নিশা এক অভিযান চলাই তিনিজন উগ্ৰপন্থী আটক কৰে। আটকাধীন উগ্ৰপন্থীকেইজনক নেশ্যনেল চাঁওতাল লিবাৰেশ্যন আৰ্মি (আলোচনা বিৰোধী গোট)ৰ সদস্য বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি গোসাইগাওঁ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা দলে উগ্ৰপন্থীকেইজনক সোমবাৰে নিশা প্ৰায় ১১.১৫ বজাত গোসাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কুইণ্টেনপুৰ গাৱঁৰ এক বিবাহস্থলীৰ পৰা আটক কৰে।

আটকাধীন উগ্ৰপন্থীকেইজনৰ ভিতৰত গোসাইগাৱঁৰ মোলেকাপুৰৰ ছলেমান হেমব্ৰমৰ পুত্ৰ তথা গোটটোৰ কমাণ্ডাৰ ইন চিফ দিপক হেমব্ৰম (২৯) ওৰফে বাজুন ওৰফে চোৰাই ওৰফে বিজয় বুলি চিনাক্ত কৰা হৈছে। বাকী দুজন সদস্যক ক্ৰমে গোসাইগাৱঁৰ ছসোঘুটুৰ ইছাক মুৰ্মুৰ পুত্ৰ বিনয় মুৰ্মু ওৰফে মাৰাণ্ডা (২২) আৰু গোসাইগাওঁ আৰক্ষী থানাৰ লোটামাৰি গাৱঁৰ প্ৰয়াত মাইকেল ছোৰেনৰ পুত্ৰ ছিবাছটিন ছোৰেন (২৭) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ পৰা এটা ৯ এম এম পিষ্টল, এটা মেগাজিন, ৫ জাঁই সক্ৰিয় গুলীৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়।

অধিক তথ্যৰ বাবে ধৃত উগ্ৰপন্থী কেইজনক বৰ্তমান জেৰা কৰি থকা হৈছে বুলি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে।

Related News