NORTHEAST NOW (Assamese)

বিশিষ্ট সংগীত শিল্পী দীপালী বৰঠাকুৰলৈ বীৰাংগনা মূলা গাভৰু বঁটা

March 24, 2018 11:45 am · এন ই নাও নিউজ
ফাইল ফটো

টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে বিগত ২০১৩ বৰ্ষৰ পৰাই ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱস তথা বঁটা প্ৰদান অনুষ্ঠান।

এইবাৰ ২০১৮ বৰ্ষত ৰাজ্যখনৰ বিশিষ্ট সংগীত শিল্পী, সুকন্ঠী গায়িকা, লেখিকা দীপালী বৰঠাকুৰক এই বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে।

অসমৰ শিক্ষা, কলা-সংস্কৃতি, সাহিত্য, ৰাজনীতি, সমাজ সংগঠন আদি দিশত উল্লেখনীয় বৰঙনি আগবঢ়োৱা নাৰীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। বিগত বৰ্ষকেইটাত যথাক্ৰমে চিত্ৰলেখা ফুকন, বিৰুৱালা ৰাভা, নিৰুপমা বৰগোহাঞি, ড০ অনিমা গুহ আৰু ড০ সুখ বৰুৱাক ইতিমধ্যে এই বঁটা প্ৰদান কৰা হৈছে।

উদ্যোক্তাসকলে শুকুৰবাৰে সোণাৰি আৱৰ্ত ভৱনত এখন সংবাদ মেল অনুষ্ঠিত কৰি অহা ৩০ এপ্ৰিলত সোণাৰি নগৰৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি জনায়।

উল্লেখযোগ্য যে  স্বদেশৰ বিপৰ্যয়ত সাহসেৰে থিয় দিবৰ বাবে বিশেষকৈ নাৰী শক্তিক জাগ্ৰত কৰিবৰ বাবেই টাই আহোম যুৱ পৰিষদ, চৰাইদেউ জিলা সমিতিয়ে এই বঁটা প্ৰদান কৰি আহিছে।

Related News