NORTHEAST NOW (Assamese)

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা

March 19, 2018 2:04 pm · এন ই নিউজ নাও

ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ আগবঢ়োৱা হৈছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মাৰক বঁটা।

উল্লেখযোগ্য যে জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী তথা অসমৰ সমাজ-ৰাজনীতিৰ অন্যতম পথ প্ৰদৰ্শক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্মৃতিত পশ্চিম তেজপুৰৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান নন্দন কানন সংগীত বিদ্যালয়ে ২০১৪ বৰ্ষৰ পৰা দুবছৰৰ মূৰে মূৰে দেশপ্ৰাণ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত বঁটা প্ৰদান কৰি আহিছে।

অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা তথা শিক্ষা-সাহিত্য-সংস্কৃতি, সমাজসেৱা আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত একোগৰাকী উপযুক্ত ব্যক্তিক নিৰ্বাচনী সমিতিয়ে এই বঁটাৰ বাবে নিৰ্বাচন কৰাৰ পাছত ২০১৮ বৰ্ষৰ বঁটাৰ বাবে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে সমাগত ব’হাগ বিহুৰ পূৰ্বে অহা আঠ এপ্ৰিলত শোণিতপুৰ জিলাৰ বিহগুৰিৰ পিঠাখোৱাস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা প্ৰেক্ষাগৃহত এক ৰাজহুৱা অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বটাঁ প্ৰদান কৰা হ’ব ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক গৰাকীক।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশিষ্ট সাংবাদিক-লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট চিন্তাবিদ-লেখক ময়ূৰ বৰাক এই বটাঁ প্ৰদান কৰা হৈছিল।

Related News