NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত চতিয়া আৰক্ষীয়ে মাৰণাস্ত্ৰসহ আটক কৰে চোৰাংচিকাৰী

Posted by: কাজি জেইদুল ইছলাম June 13, 2018 9:56 pm

বিভিন্ন সময়ত আৰক্ষী তথা বনবিভাগৰ লোকে চোৰাংচিকাৰ ৰোধ কৰাৰ উদ্দেশ্যৰে চোৰাংচিকাৰী বিৰুদ্ধে অভিযান চলাই আহিছে। ইয়াৰ সমান্তৰালভাৱে আজি চতিয়া আৰক্ষীয়ে অভিযান চলাই বিশ্বনাথৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ পৰা এজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে চতিয়া আৰক্ষী আৰু বন বিভাগে এক গোপন সূত্ৰৰ ভিত্তিত যৌথ অভিযান চলাই চতিয়াৰ দক্ষণ অঞ্চলৰ ঘিলধাৰীমুখৰ পৰা মাৰণাস্ত্ৰসহ মোছাবৰ ৰহমান নামৰ চোৰাংচিকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষীয়ে ধৃত চোৰাংচিকাৰীটো ৯ জুনত কাজিৰঙা ষষ্ঠ সংযোজনত উদ্ধাৰ হোৱা মৃত গড়ঁটোৰ হত্যাৰ লগত জড়িত থকা বুলি জানিবলৈ দিয়ে।

ইফালে চোৰাংচিকাৰীটো আটক কৰাৰ সময়ত আৰক্ষীয়ে চোৰাংচিকাৰীটোৰ কৱলৰ পৰা চাইলেঞ্চাৰ, এটা থ্ৰী নট থ্ৰী ৰাইফল,মেগজিনসহ সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷

আনহাতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত চোৰাংচিকাৰীয়ে কাণ আৰু খৰ্গ কাটি নিয়া এজনী মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছে।