NORTHEAST NOW (Assamese)

বিশ্বনাথত চাঞ্চল্যকৰ ডকাইতি; গুলীচালনা কৰি পে’ট্ৰল ডিপ’ৰ পৰা লুট কেইবা লাখো টকা

May 13, 2018 9:07 pm · কাজী জেইদুল ইছলাম

বিশ্বনাথ ( Biswanath )ৰ বাঘমাৰীৰ জে পি এনাৰ্জি চাৰ্ভিচ নামৰ এছাৰ (Essar Oil)ৰ এটা তেল ডিপ’ত আজি ১৩ মে’ৰ সন্ধিয়া সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি কাণ্ড। চাৰিজনীয়া অস্ত্ৰধাৰী দল এটাই ডিপ’টোত গুলীচালনা কৰি কেবা লাখো টকা লুটি নিয়ে।

বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে আহি কাউন্টাৰত পিস্তল দেখুৱাই মেনেজাৰ সুনীল পেটেলক উদ্দেশ্যি গুলীচালনাও কৰিছিল যদিও সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰে।

ঘটনাস্থলীত জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আহি ততালিকে উপস্থিত হৈছে। ঘটনাথলীত আৰক্ষীয়ে ৭.২ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।

ঘটনাৰ বিৱৰণি মতে ডিপ’টোত উপস্থিত হোৱাৰ লগে লগে কঁকালৰ পৰা পিস্তল উলিয়াই কাউন্টাৰৰ প্ৰৱেশ কৰি কাউণ্টাৰত থকা কৰ্মচাৰী দুজনক ধন উলিয়াই দিবলৈ কয়। দলটোৱে লগে লগে নাতিদূৰত থকা তেল ডিপ’টোৰ মেনেজাৰ পেতেলক লক্ষ্য কৰি গুলী চালনা কৰিছিল যদিও পেতেলে সেই স্থানৰ পৰা দৌৰি পলায়ন কৰে।

ঘটনাটোৱে বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News