NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ভয়াবহ পথ দুৰ্ঘটনা ৫জনৰ অবস্থা সংকটজনক

Posted by: কাজি জেইদুল ইছলাম March 21, 2018 9:01 pm
Road accident at Biswanath

আজি বিশ্বনাথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

সাপেখাতি সপ্তাহীক বজাৰৰ পৰা বিশ্বনাথ অভিমূখে গৈ থকা এখন ৪০৭ মালভৰ্তি ট্ৰাকে নিয়ন্ত্ৰন হেৰুৱাই মাজুলীগড়ৰ বেঙুনবাৰিত এটা দ খাৱৈত বাগৰি পৰাৰ ফলতে উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই বিস্বনাথ আৰক্ষী ঘটণাস্থলীত উপস্থিত হয়। গাড়ীখনত মালসহ প্ৰায় ত্ৰিশজন লোক আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত কেবাজনো লোক গুৰুত্বৰ ভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোক কেইজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকি‌স্যালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে ৫জন লোকৰ অবস্থা সংকটজনক, ইয়াৰে উৎপল কোণ্ড নামৰ লোকজনৰ অৱস্থা অতি গুৰুত্বৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

আনহাতে আৰক্ষী তথা স্থানীয়লোকে খাৱৈৰ পানীত কোনো লোক ডুব যাব পাৰে বুলি সন্দেহ কৰিছে।