NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ‘লোহিত’ ব্ৰেণ্ডৰ পানীৰ বটল জব্দ, পৰীক্ষাগাৰলৈ প্ৰেৰণ প্ৰশাসনৰ

Posted by: কাজি জেইদুল ইছলাম July 10, 2018 9:35 pm

বিশ্বনাথ জিলাত ভেজাল খাদ্য-সামগ্ৰীৰ বিৰুদ্ধে প্ৰশাসনে চলাই অহা অভিযানৰ মাজতে আজি ১০ জুলাইত চাৰিআলিৰ এখন পাইকাৰী দোকানৰ পৰা ‘লোহিত’ ব্ৰেণ্ডৰ পানীৰ ৬০টা কাৰ্টন জব্দ কৰিছে।

এগৰাকী গ্ৰাহকে ‘লোহিত ব্ৰেণ্ড’ৰ এটা পানীৰ বটলত আপত্তিজনক দ্ৰব্য দেখা বুলি প্ৰশাসনক অভিযোগ দিছিল।

অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনৰ নিৰ্দেশক্ৰমে বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিত শইকীয়াৰ নেতৃত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা আৰক্ষীৰ এটা দলে এই অভিযান চলায়।

বটলখিনি জব্দ কৰি তাৰ গুণমান পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে । এই পৰীক্ষাৰ ফলাফলত খোৱাপানীৰ বটলত অস্বাস্থ্যকৰ দ্ৰব্যৰ উপস্থিতি প্ৰমাণিত হ’লে প্ৰস্তুতকৰ্তা কোম্পানীটোৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিছে।