NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় মীন পালন দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতা সভা

Posted by: ইয়াছিন আলী July 10, 2018 9:36 pm

আজি বঙাইগাঁও জিলাৰ চাপাৰাকাটাত জিলা মীন উন্নয়ন বিষয়াৰ উদ্যোগত চাপৰাকাটা আঞ্চলিক ৰঙালী বিহু সন্মলনী প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়।

আজিৰ ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে পুৱা ৯ বজাত এচ ডি অ’ সদৰ নিত‍্যাবিনোদ ৱাৰী আৰু জিলা মীন বিষয়াই মাণিকপুৰ নাম্বাৰপাৰাৰ নজৰুল ইছলামে উৎপাদন কৰা পোনা মাছ বঙাইগাঁও ইকো পাৰ্কত মেলি দিয়াৰ লগতে ১০ বজাত জিলাখনৰ পাঁচ শতাধিক মীন পালকৰ উপস্থিতিত চাপৰাকাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন প্ৰেক্ষাগৃহত জিলা মীন উন্নয়ন বিষয়া ডাঃঅনুপম শৰ্মা, ছফিকুৰ ৰহমান আৰু ধনজিৎ দাস, মীন উন্নয়ন বিষয়া, অজিত কুমাৰ কলিতা, বদিয়ত জামান ফকীৰ, গীৰিশ তালুকদাৰ, সমৰজিৎ বৰা আৰু শশাংক বৰুৱা মীন প্ৰদৰ্শকৰ লগতে আৰু অন‍্যান‍্য বিষয়া সকল উপস্থিত থাকে।

জিলাখনৰ ভিতৰত বছৰটোৰ শ্ৰেষ্ঠ মীন পালক ক্ৰমে নজৰুল ইছলাম, জহৰ আলী আৰু আজিজ ৰহমানক বঁটা আগবঢ়োৱাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন সম্পৰ্কে দিহা পৰামৰ্শ আগবঢ়ায়।