হজ যাত্ৰীৰ বাবে দিচপুৰত স্থাপন কৰা হ’ব নিয়ন্ত্ৰণ কক্ষ : মুখ্য মন্ত্ৰী

‘হজ যাত্ৰীসকলে যাতে হজৰ সময়ছোৱাত যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে দিচপুৰত এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিব। ৰাজ্য চৰকাৰে নিয়োগ কৰা বিষয়া সকলে আৰু হজ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে এই নিয়ন্ত্ৰণ কক্ষৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰিব। হজ যাত্ৰীসকলে কিবা অসুবিধাৰ সন্মুখীন হ’লে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰা হ’ব। এই নিয়ন্ত্ৰণ কক্ষ ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।’ আজি হাজি মুছাফিৰখানাত উত্তৰ পূৰ্বাঞ্চলৰ হজ সমন্বয় ৰক্ষী সমিতি আৰু অভ্যৰ্থনা সমিতিৰ সৈতে হোৱা এক বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
আনহাতে আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে নাফিছা ছিদ্দিকি আৰু ৰেহেন মিৰ্জা নামৰ দুগৰাকী খেলুৱৈকো সম্বৰ্ধনা জনায়।
আজিৰ অনুষ্ঠানত বিধায়ক আনোৱাৰ হুছেইন লস্কৰ, অধিবক্তা নেকিবুৰ জামান, শিল্পী তৌফিক ৰহমান, সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, দুলীয়াজান-নুমলীগড় পাইপ লাইনৰ অধ্যক্ষ ৰূপম গোস্বামী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।