NORTHEAST NOW (Assamese)
উত্তৰ-পূব

বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং মুকলিৰ বাবে সাজু চীন

Posted by: এন ই নাও নিউজ April 2, 2018 12:09 pm
longest

তথ্য- প্ৰযুক্তিৰ চমকেৰে নিত্য নতুন চমক দিবলৈ সক্ষম হোৱা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত চীনে মুকলি কৰিবলৈ সাজু হৈছে বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং।

চলিত বৰ্ষতে মুকলি কৰিবলগীয়া এই সমুদ্ৰ দলঙখনে হংকং, মাকাউ আৰু মেইনলেণ্ড চীনৰ মাজত সংযোগ স্থাপন কৰিব বুলি প্ৰকাশ কৰিছে আল জাজিৰা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে।

উল্লেখযোগ্য যে ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সমুদ্ৰ দলঙখনত মুঠ ছটা পথ, চাৰিটা সুৰংগ আৰু চাৰিটা কৃত্ৰিম দ্বীপ থাকিব। এই সমুদ্ৰ দলঙখন সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৭ বছৰৰ প্ৰয়োজন হৈছিল।

ফ্ৰান্সৰ ৰাজধানী পেৰিছত থকা আইফেল টাৱাৰত ব্যৱহৃত সীহতকৈ ৬০ গুণ পৰিমানৰ অধিক সীহৰে এই দলঙখন নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে।

আল জাজিৰাৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি ব্যয়বহুল এই প্ৰকল্পটো সম্পূৰ্ণ কৰাত আমেৰিকা, ব্ৰিটেইন, ডেনমাৰ্ক, ছুইজাৰলেণ্ড, জাপান, নেডাৰলেণ্ডৰ উপৰি প্ৰায় ১৪খন দেশৰ বিশেষজ্ঞৰ সহায় লোৱা হৈছিল।

এই সমুদ্ৰ দলঙখনে চীন, মাকাউ আৰু হংকঙৰ মাজত ভ্ৰমণ দূৰত্ব কমোৱাৰ উপৰি দেশ কেইখনৰ মাজত যোগাযোগ ব্যৱস্থাক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিছে বেইজিঙে।

অৱশ্যে বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং হিচাপে দেশী- বিদেশী সংবাদ মাধ্যমত চৰ্চিত এই দলঙখন কেতিয়া ৰাইজৰ বাবে  আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।