NORTHEAST NOW (Assamese)
অসম

বিশ্ব জিমনাষ্টিকছত সোণৰ পদক দখল দীপা কৰ্মকাৰৰ; আঘাতৰ পিছত চমৎকাৰ প্ৰত্যাৱৰ্তন

Posted by: এন ই নাও নিউজ July 8, 2018 7:49 pm
dipa karmakar gymanast

আঘাতৰ বাবে প্ৰায় দুবছৰ ধৰি খেলৰ জগতৰ পৰা আঁতৰি থকা দেশৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে ঘটাইছে চমৎকাৰ প্ৰত্যাৱৰ্তন। তুৰ্কিত হৈ থকা জিমনাষ্টিকছৰ বিশ্ব প্ৰতিযোগিতা ‘FIG Artistic Gymnastics World Challenge Cup’ত আজি ৮ জুলাইত স্বৰ্ণ জিনিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ জীয়ৰীগৰাকী।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভল্ট শাখাত চতুৰ্থ স্থান পোৱা ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে দেওবাৰে ১৪.১৫০ স্ক’ৰেৰে সোণৰ পদক দখল কৰে।

বিশ্ব প্ৰতিযোগিতাখনত দীপাৰ এইটো প্ৰথম পদক।

আহি থকা এছিয়ান গে’ইমছলৈ যাব লগা ১০ জনীয়া ভাৰতীয় দললৈও নিৰ্বাচিত হৈছে দীপা।

প্ৰতিযোগিতাখনত দীৰ্ঘদিনৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে দীপাৰ সংগ দিছে।