NORTHEAST NOW (Assamese)
অসম

দেশত পুনৰ ঘটিছে ব্যাপক কোভিড সংক্ৰমণ : যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰ লোক আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2021 11:57 am
index.jpga

দেশত কোভিড সংক্ৰমণে পুনৰ ব্যাপক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত প্ৰায় ৪০ হাজাৰ লোক কোভিড১৯ত আক্ৰান্ত হৈছে। আৰু ই চলিত বৰ্ষত এটা দিনত সৰ্বাধিক কোভিড আক্ৰান্তৰ সংখ্যা বুলি চিহ্নিত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩৯,৭২৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত কোভিড১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১,৫১৪,৩৩১ গৰাকীলৈ বৃদ্ধি পালে।

প্ৰকাশিত তথ্য অনুসৰি যোৱা ৯ টা দিনে দেশত একেৰাহে ২০ হাজাৰ লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

ইফালে বুধবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৩৫,৮৭১ গৰাকী। দেখা গৈছে যে প্ৰতিদিনে ক্ৰমাগতভাৱে দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

ইফালে কোভিড১৯ৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱা দেখা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২০,৬৫৪ গৰাকী ক’ৰণাক্ৰান্তই ক’ৰ’ণামুক্ত হৈছে।

ইয়াৰ ফলত দেশত কোভিডমুক্ত লোকৰ সংখ্যা ১১,০৮৩,৬৭৯ গৰাকীলৈ বৃদ্ধি পালে। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৫৪ গৰাকী।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি কেৱল মহাৰাষ্ট্ৰতে ২৫,৮৩৩ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। আনহাতে পঞ্জাৱত ২,৪১৭ আৰু কৰ্ণাটকত ১,৪৮৮ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছে উক্ত তথ্যত।