NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত মৃত নাহৰফুটুকী উদ্ধাৰ : পুখুৰীৰ পাৰত পৰি আছিল নাহৰফুটুকীটোৰ মৃতদেহ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 19, 2021 11:01 am
Leopard

গোলাঘাটৰ কঠীয়াতলীত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

জিলাখনৰ কঠীয়াতলী অঞ্চলৰ এটা পুখুৰীৰ পাৰত মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰা লগে লগে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে।

খবৰ লাভ কৰিয়ে বনবিভাগৰ বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহ।

এই পৰ্যন্ত বাঘটোৰ মৃত্যু কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাপ্তবয়স্ক আৰু মতা বাঘ বুলি জানিবলৈ দিছে বনবিভাগে।

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব প্ৰকাশ কৰিছে বনবিভাগে।