NORTHEAST NOW (Assamese)

বিশ্ব নাট্য দিৱসত সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব বহু সমাদৃত নাট ‘বিপ্লৱী বিবেকানন্দ’

March 25, 2018 1:40 pm · এন ই নাও নিউজ
মানৱেন্দ্ৰ ভট্টাচাৰ্য্য

বিশ্ব নাট্য দিৱস উপলক্ষে, অহা ২৭ মাৰ্চত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰখ্যাত নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে পৰিবেশন কৰিব বিশিষ্ট নাট্যকাৰ ড° সীতানাথ লহকৰৰ বিপুলভাবে সমাদৃত নাট ‘বিপ্লৱী বিবেকানন্দ’।

সন্ধিয়া ৬:৪৫ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত নাট্যানুষ্ঠানটো সমাহাৰৰ সক্ৰিয় সদস্য আৰু দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক মানৱেন্দ্ৰ ভট্টাচাৰ্য্যৰ সোঁৱৰণত উচৰ্গা কৰাৰ লগতে তাৰ পৰা সংগৃহীত সমস্ত ধনৰাশি প্ৰয়াত ভট্টাচাৰ্য্যৰ পৰিয়াললৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি নাট্য গোষ্ঠীটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৯ জানুৱাৰিত সংঘটিত এটা দুৰ্ভাগ্যজনক ঘটনাত বহুকেইখন মঞ্চ তথা বাটৰ নাটৰ লগতে চলচ্চিত্ৰটো নিজৰ অভিনয় প্ৰতিভাৰ চিন ৰাখি যোৱা মানৱেন্দ্ৰ ভট্টাচাৰ্য্যই অতি কম বয়সতে মৃত্যুক সাৱটি ল’ব লগা হৈছিল।

নাট্য সন্ধ্যাটি সম্পৰ্কে সমাহাৰৰ সভাপতি ললিত শৰ্মাই কয়, ‘মানৱেন্দ্ৰৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি। এই সময়ত, আমি কেৱল তেওঁৰ শোকসন্তপ্ত পৰিয়ালটোৰ ওচৰত থিয় দিব বিচাৰিছোঁ। সেই উদ্দেশ্যতে কিছু অৰ্থ সংগ্ৰহৰ বাবে এই প্ৰদৰ্শনীটোৰ আয়োজন কৰা হৈছে। আমি সকলোকে আগুৱাই আহি আমাৰ এই প্ৰচেষ্টাক সহায় কৰাৰ বাবে আহ্বান জনাইছোঁ।”

নাটকখনৰ বিষয়ে প্ৰেছ বিবৃতিটোত কোৱা হয় যে ড° সীতানাথ লহকৰৰ দ্বাৰা ৰচিত-পৰিচালিত নাট ‘বিপ্লৱী বিবেকানন্দ’ৰ মূল ভেটি হৈছে মহৰ্ষিজনাৰ আদৰ্শ আৰু দৰ্শন।

বিবৃতিটোত লগতে উল্লেখ কৰা হয় যে উক্ত নাটকখন স্বামী বিবেকানন্দক এক গোড়া হিন্দুত্ববাদী নেতা হিচাবে প্ৰতিষ্ঠা কৰিব খোজা অশুভ শক্তিসমূহৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান।

Related News