NORTHEAST NOW (Assamese)

বিশ্ব পৰিৱেশ দিৱসত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উদ্যোগত গছপুলি ৰোৱা কাৰ্য্যসূচী

June 5, 2018 8:31 pm · কল্পজ্যোতি শইকীয়া
চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস।

সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ সমান্তৰালকৈ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাৰ চৌহদত প্ৰায় ১০০টা ফল-মূলৰ গছৰ পুলি ৰোপণ কৰে।

মন কৰিব লগীয়া যে চিৰিয়াখানাৰ চৌহদত বান্দৰবিলাকে খাদ্যৰ অভাৱত চিৰিয়াখানাৰ পৰা বাহিৰ ওলাই কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ বাসগৃহত সন্ত্ৰাস চলাই বুলি এক অভিযোগ উঠে।

সেয়েহে চিৰিয়াখানা সুৰক্ষা মঞ্চই বিশেষকৈ বান্দৰবিলাকে খাব পৰাকৈ আম, লেটেকু, পনিয়লকে ধৰি বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ পুলি ৰোৱে।

এই গছপুলি ৰোৱা কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহা। ইয়াৰোপৰি চিৰিয়াখানাৰ সমীপত থকা চিৰিয়াখানা শিশু-বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

এই কাৰ্য্যসূচীৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থকা থানেশ্বৰ বড়োৱে সংবাদ মাধ্যমৰ সন্মুখত কয়, “গছ কেৱল ৰুলেই নহ’ব, ইয়াৰ প্ৰতিপালন কৰাৰ দায়িত্বও আমাৰেই। অসমত বহু বছৰ ধৰি কোটি-কোটি গছৰ পুলি ৰোৱা হ’ল, কিন্তু পুলিসমূহৰ যতনৰ অভাবত মৰি যায়।”

আনহাতে প্লাষ্টিক-পলিথিনৰ ব্যৱহাৰ বন্ধ কৰিলেই নহ’ব, তাৰ এটা বিকল্প উপায় প্ৰস্তুত কৰিব লাগিব বুলি মত পোষণ কৰি বড়োৱে কয়, “কাগজৰে হওক বা কাপোৰৰে হওক -এনেকুৱা বেগ কিছুমান প্ৰস্তুত কৰিব লাগে। বিশেষকৈ ব্যয়বহুল হ’লেও মৰাপাটৰ পৰা বেগ প্ৰস্তুত কৰিব পাৰি। ইয়াৰোপৰি কলগছৰ কলপটুৱা শুকুৱাই তাৰ আঁহেৰেও বেগ প্ৰস্তুত কৰিব পাৰি।”

গছপুলি ৰোৱা কাৰ্য্যসূচীৰ পাছতে চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা শিশু বিদ্যাপীঠৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

টাটা প্ৰৱেশ নামৰ সংস্থাটোৰ দ্বাৰা আয়োজিত এই চিত্ৰাংকন প্ৰতিযোগিতাত বিদ্যালয়খনৰ পল্লৱী বিশ্বাসে প্ৰথম স্থান, ৰিম্পী ৰাজবংশীয়ে দ্বিতীয় স্থান আৰু নয়নমণি দাসে তৃতীয় স্থান দখল কৰে।

Related News