NORTHEAST NOW (Assamese)
অসম

মজুৰি-বঞ্চিত শ্ৰমিক-ঠিকাদাৰৰ প্ৰতিবাদত চামগুৰিত চাৰিলেনযুক্ত পথৰ কাম বন্ধ হোৱাৰ আশংকা

Posted by: মিন্টু দাস June 5, 2018 7:56 pm
National Highway

চামগুৰিৰ ভেলেওগুৰিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ঠিকা লাভ কৰা টি কে কনষ্ট্ৰাকচন কোম্পানীৰ বিৰুদ্ধে কৰ্মৰত শ্ৰমিক-ঠিকাদাৰে বিক্ষোভত নামি পৰাত চামগুৰিত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত পুনৰ স্থৱিৰতা আহি পৰিছে।

আজি ক্ষুব্ধ শ্ৰমিকে ঘাইপথত টায়াৰ জ্বলোৱাৰ উপৰি টি কে কোম্পানীৰ চামগুৰিৰ ভেল’গুৰিস্থিত কাৰ্যালয়টোৰ তলা বন্ধ কৰে।

উল্লেখযোগ্য যে, কোম্পানীটোৰ অধীনত থকা প্ৰায় তিনি শতাধিক শ্ৰমিকে বিগত ছয়মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোৱে তেওঁলোকক দিবলগীয়া সমূদায় ধন আদায় নিদিলে শ্ৰমিকসকলে ঘাইপথ নিৰ্মাণৰ কাম অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ হুংকাৰ দিছে।

ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা নিৰ্মিয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজৰ তদাৰকৰ দ্বায়িত্বত থকা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও কোম্পানীটোত কৰ্মৰত ভূক্তভোগী শ্ৰমিকসকল প্ৰতিবাদ মুখৰ হোৱা দেখা যায়।

ইয়াৰ উপৰি ক্ষুব্ধ শ্ৰমিক-ঠিকাদাৰ সকলে, কিছুদিন পূৰ্বে দৰমহাৰ অভাৱতে প্ৰশান্ত নাথ নামৰ নলবাৰীৰ এজন বিষয়াই আত্মহত্যা কৰে বুলিও টি কে কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

শ্ৰমিক-ঠিকাদাৰৰ এই প্ৰতিবাদৰ পিছত নগাঁও উৰিয়াগাঁৱৰ পৰা আমনি পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ নিৰ্মাণৰ কামে যে শামুকীয়া গতি লব সেই কথা আজিৰ প্ৰতিবাদতেই নিশ্চিত হৈ পৰিছে।