NORTHEAST NOW (Assamese)
অসম

বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে ওডালগুৰিৰ গোলাণ্ডিত সেনাৰ ৰক্তদান শিবিৰ

Posted by: ময়ূখ গোস্বামী May 8, 2018 11:03 pm
বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে ওডালগুৰিৰ গোলাণ্ডিত সেনাৰ ৰক্তদান শিবিৰ

বিশ্ব ৰেড ক্ৰছ দিৱস আৰু থেলাছেমিয়া দিৱস উপলক্ষে ওডালগুৰি জিলাৰ গোলাণ্ডিস্থিত সেনা শিবিৰত আজি সেনা বাহিনীয়ে এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে।

এই ৰক্তদান শিবিৰৰ প্ৰতি জিলা স্বাস্থ্য বিভাগ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক কৰ্তৃপক্ষই সহযোগিতা আগবঢ়ায়।

উক্ত শিবিৰত সেনাৰ জোৱানসকলৰ লগতে স্থানীয় লোকসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। ইয়াত মুঠ ৬৫টা ব্লাড ইউনিত সংগ্ৰহ কৰা হয়, সংগৃহীত তেজৰ ইউনিত সমূহ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকক দান কৰা হয়।

শিবিৰটোত দৰং জিলাৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড০ এন কে বেৰিয়াও উপস্থিত আছিল।

তাৰোপৰি শিবিৰটোৰ লগত সংগতি ৰাখি জোৱানসকলৰ মাজত ৰক্তদান আৰু অংগদানৰ ওপৰত এক সজাগতামুলক অনুষ্ঠানৰো আয়োজন কৰা হয়।

সেনা বাহিনীয়ে লোৱা এই পদক্ষেপক আদৰণি জনাই প্ৰশাসনে তেওঁলোকক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এনে পদক্ষেপে সেনা বাহিনী, প্ৰশাসন আৰু স্থানীয় জনসাধাৰণৰ মাজৰ সম্পৰ্কক আৰু দৃঢ় কৰিব বুলি মত প্ৰকাশ কৰে।