NORTHEAST NOW (Assamese)
Popular Stories

৭ মে’ৰ শুনানি : জাবৰৰ পাচিলৈ তেজৰ বোলেৰে লিখা খিলঞ্জীয়াৰ স্মাৰক পত্ৰ?

Posted by: এন ই নাও নিউজ May 8, 2018 11:15 pm
jpc in guwahati

জাবৰৰ পাচিত পৰিব নেকি হিন্দু বাংলাদেশীৰ বিৰোধিতাৰে তেজৰ বোলেৰে লিখা অসমীয়া ডেকাৰ স্মাৰক পত্ৰ? ৭ মে’ত গুৱাহাটীৰ যুটীয়া সংসদীয় সমিতি ( JPC )ৰ শুনানিত সাক্ষ্য দিবলৈ ওলাই অহা হাজাৰ-হাজাৰ খিলঞ্জীয়া লোকৰ স্মাৰক পত্ৰৰ বিপৰীতে প্ৰদান কৰা হোৱা নাছিল কোনো ‘ৰিচিত’ বা সাক্ষ্যদানৰ ‘প্ৰমাণ’!

নামৰূপৰ পৰা অহা এসময়ৰ অসম আন্দোলনৰ কৰ্মী মাধৱ বৈশ্য আৰু জিয়াউৰ ৰহমানে বিধেয়কখনৰ বিৰোধিতাৰে সংসদীয় সমিতিক  ৭ মে’ৰ শুনানিত তেজৰ বোলেৰে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ দাখিল কৰিছিল। ৭ মে’ত যেন পুনৰাবৃত্তি ঘটিছিল ১৯৮০ চনৰ ২৩ এপ্ৰিলত গুৱাহাটীৰ চানমাৰিৰ ৰাজপথত অসম আন্দোলনকাৰী ছাত্ৰ সন্থা কৰ্মী দুলাল শৰ্মাই ‘তেজ দিম, তেল নিদিওঁ’ বুলি সৃষ্টি কৰা অসম আন্দোলনৰ ইতিহাসৰ।

পিছে এতিয়া স্মাৰক পত্ৰ দানৰ কোনো প্ৰমাণ নথকাৰ ফলত শুনানিত সাক্ষ্যদানকাৰী একাংশৰ মাজতে সন্দেহ উপজিছে ৭ মে’ত প্ৰদান কৰা স্মাৰক পত্ৰসমূহৰ কিবা মূল্য থাকিবগৈনে? হিল-দ’ল ভাঙি ওলাই আহি প্ৰদান কৰা ‘হাজাৰ’ স্মাৰক পত্ৰ যদি গৈ ‘শ’ হয়গৈ বুলিও বহুজনে সন্দেহ প্ৰকাশ কৰিছে।

এজন সাক্ষ্যদাতাই জনোৱা মতে দল-সংগঠন আৰু বিশিষ্ট লোকৰ স্মাৰক পত্ৰ সভাকক্ষত লোৱা হৈছিল আৰু তাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰা হৈছিল, কিন্তু বিপৰীতে ‘সাধাৰণ খিলঞ্জীয়া’ই সাৰি পাতি জমা দিছিল ইখনৰ পিছত সিখন স্মাৰক পত্ৰ।

উল্লেখযোগ্য যে ‘ধৰ্মৰ ভিত্তিত কিয় নাগৰিকত্ব দিব নোৱাৰি’ বুলি স্বয়ং যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই কৰা মন্তব্যৰ পিছত অধ্যক্ষৰ ভূমিকা তথা নিৰপেক্ষতাক লৈয়ে অসমৰ একাংশ দল-সংগঠনেই সন্দেহ প্ৰকাশ কৰিছিল।

তাৰোপৰি খিলঞ্জীয়াৰ ব্যাপক বিৰোধিতাৰ পিছতো কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা স্বয়ং বিজেপি চৰকাৰ আৰু দলে বিধেয়কখনৰ সমৰ্থন কৰিবলৈ এৰা নাই।

গুৱাহাটীত ৰাতি ১০ বজালৈকে সাক্ষ্য গ্ৰহণ কৰাৰ পিছতো সাক্ষ্যদানকাৰী বাকী থাকি যোৱাত ব্যাপক প্ৰতিবাদত সেও মানি অসমত পুনৰ শুনানি লোৱা হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছিল অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালা।

পূৰ্বে কেৱল আগতীয়াকৈ নাম পঞ্জীয়ন কৰাসকলৰহে সাক্ষ্য লোৱা হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও হিল-দ’ল ভাঙি ওলাই অহা অসমবাসীৰ জনজাগৰণৰ ৰূপ দেখি সমিতিয়ে সকলোৰে সাক্ষ্য গ্ৰহণ কৰাৰ ব্যৱস্থা কৰে।