NORTHEAST NOW (Assamese)

বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত সেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ; উৎসুক জনতাৰ ভিৰ

May 26, 2018 7:46 pm · প্ৰণৱ কুমাৰ দাস
বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰা হেলিকপ্তাৰখন।

ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্তাৰ আজি কাৰিকৰী বিজুতিৰ বাবে লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত জৰুৰীকালীন অৱতৰণ কৰাব লগীয়া হয়।

এই কথা নৰ্থ-ইষ্ট নাওক জনাইছে তেজপুৰস্থিত সেনা ছাউনীৰ মুখপাত্ৰই।

বায়ুসেনাৰ হেলিকপ্তাৰখন আজি তেজপুৰৰ মিছামাৰিৰ পৰা ডিব্ৰুগড়লৈ বুলি উৰা মাৰিছিল। কিন্তু মাজ আকাশতে ইয়াত বিজুতিয়ে ধৰা দিয়ে। তেতিয়া প্ৰায় আবেলি ২ বাজিছিল। হেলিকপ্তাৰখনত তিনিজন সেনা বিষয়া আৰু এজন পাইলট আছিল বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

সূত্ৰটোৰ পৰা আৰু জানিব পৰামতে, বায়ু সেনাৰ অন্য এখন হেলিকপ্তাৰ গৈ বিষয়াকেইজনক সেই ঠাইৰ পৰা পুনৰ তেজপুৰৰ মিছামাৰিলৈ ঘূৰাই আনে।

আনহাতে বিজুতি ঘটা হেলিকপ্তাৰখন এতিয়াও বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰতে আছে। সেইখন ভাল কৰিবলৈ এদিন বা দুদিনৰ প্ৰয়োজন হ’ব বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আকস্মিক অৱতৰণ কৰাৰ লগে লগে হেলিকপ্তাৰখন চাবলৈ অহা মানুহৰ লানি লাগে। কম সময়ৰ ভিতৰতে খবৰটো বিয়পি পৰাত খেলপথাৰত উৎসুক মানুহৰ প্ৰচণ্ড ভিৰ হয়।

আৰক্ষীয়ে এতিয়াও অঞ্চলটো পহৰা দি থকা বুলি জানিব পৰা গৈছে।

 

Related News