NORTHEAST NOW (Assamese)

বিহালী সংৰক্ষিত বনাঞ্চলত মাৰিলে আকৌ এটা বনৰীয়া হাতী

February 9, 2018 11:12 pm · প্ৰণৱ কুমাৰ দাস
প্ৰতিনিধিত্বমূলক ছবি

অসম অৰুণাচল সীমান্তৰ বিহালী সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তই এটা বনৰীয়া হাতী হত্যা কৰাৰ খবৰ পোৱা গৈছে।

বিশ্বনাথ জিলাৰ পূব শোণিতপুৰ খণ্ডৰ নাহৰজান বন এলেকাত এই ঘটনাটো সংঘটিত হৈছে। দুৰ্বৃত্তই হাতীটো মাৰি শুৰ, নেজ, দাঁত আৰু মাংস কাটি লৈ যায় যদিও কাষতে থকা বন বিভাগে তাৰ কোনো উমঘাম নাপালে।

অৰণ্য সুৰক্ষা সমিতিৰ বিষয়ববীয়াই বন বিভাগক এই সন্দৰ্ভত খবৰ দিয়াৰ পিছতহে বন বিভাগে তদন্ত আৰম্ভ কৰে।

খণ্ড বন বিষয়া ৰাজেন চৌধুৰীয়ে জনোৱা মতে, ‘চিকিৎসকে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰিছে আৰু কাইলৈ সবিশেষ গম পোৱা যাব।’

তেওঁ জনায় যে হাতীটো মখনা আছিল আৰু গাত তাৰ গুলীৰ দাগ নাছিল।

Related News