NORTHEAST NOW (Assamese)

বিয়াত বহিবলৈ জোৰ কৰা বাবে মাক-দেউতাকৰ বিৰুদ্ধে কাছাৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে তৰিলে গোচৰ

February 26, 2018 5:34 pm · এন ই নাও নিউজ
Updated: February 26, 2018 5:37 pm
প্ৰতিনিধিত্বমূলক ছবি

জোৰ কৰি বিয়া দিব খোজা মাক-দেউতাকৰ বিৰুদ্ধে গোচৰ তৰিলে কাছাৰ জিলাৰ ১৫ বছৰীয়া ছোৱালী এজনীয়ে।

সহপাঠী এগৰাকী ছাত্ৰীৰ পৰামৰ্শ অনুসৰি ছাত্ৰীগৰাকীয়ে নিজৰ অভিভাৱকৰ বিৰুদ্ধে কাছাৰ জিলা আইনী সাহাৰ্য্য কৰ্তৃপক্ষৰ ওচৰত গোচৰ তৰে।

বিয়াত বহাৰ পৰিৱৰ্তে পঢ়া-শুনা কৰিবৰ ইচ্ছা কৰিছে অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে।

জিলা আইনী কোষৰ জ্যেষ্ঠ বিষয়া বিশ্বজিত নাথে টাইমছ অৱ ইণ্ডিয়াক জনোৱা অনুসৰি, ‘ছোৱালীজনীৰ অভিভাৱকক কম বয়সত বিয়া হোৱাৰ কুফল আৰু ইয়াৰ আইনী পৰিণাম সম্পৰ্কে জনোৱা হয়। আমি ছোৱালীগৰাকীৰ ভাষ্যও ৰেকৰ্ড কৰিছো। অভিভাৱকে তাইৰ বিয়াৰ সিদ্ধান্ত পৰিত্যাগ কৰা আৰু বিয়াৰ আইনী বয়স নোহোৱা পৰ্য্যন্ত তাইক বিয়া নিদিয়ে বুলি আমাক জনাইছে।’

বিষয়াগৰাকীয়ে জনোৱা মতে আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়ালৰ লোকে ত্ৰিপুৰাৰ এজন যুৱকৰ সৈতে নৱম শ্ৰেণীত পঢ়ি থকা ছোৱালীগৰাকীক বিয়া দিব খুজিছিল।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি জিলা শিশু বিকাশ আৰু কল্যাণ, ৱান স্তপ চে’ন্তাৰ আৰু চাইল্ড লাইনৰ সৈতে দেওবাৰে ছোৱালীগৰাকীৰ ঘৰলৈ গৈছিল জিলা আইনী সাহাৰ্য্য কোষৰ বিষয়াজন।

Related News