NORTHEAST NOW (Assamese)

বি টি এ’ ডি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰিত : বন্ধ সমৰ্থক আৰু এবছু কৰ্মীৰ মাজৰ উখনা-উখনিত আহত তিনিজন

March 6, 2018 10:05 pm · চাজিদ খান
বি টি এ’ ডি বন্ধৰ সমৰ্থক

বি টি এ’ ডিত অজনজাতীয় লোকৰ ভূমি অধিকাৰক লৈ শংকা প্ৰকাশ কৰি পাঁচটা অনা বড়ো ছাত্ৰ সংগঠনৰ ঐক্যমঞ্চই আজি মঙলবাৰে আহ্বান জনোৱা বিটিএ’ডি বন্ধত ওদালগুৰিৰ ডিমাকুচিত বন্ধ সমৰ্থক আৰু এবছু কৰ্মীৰ মাজত লগা উখনা-উখনিত তিনিজন লোক আহত হৈছে।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত ডিমাকুচি আৰক্ষীয়ে ঘটনাত জৰিত থকাৰ অভিযোগত ১১ গৰাকী যুৱকক আটক কৰে। যুৱককেইজনক আটক কৰাৰ প্ৰতিবাদত মহিলাকে ধৰি বহু সংখ্যক লোকে থানা ঘেৰাও কৰে। আটক কৰা ৮ জনক জে’ললৈ প্ৰেৰণ কৰা হৈছে আৰু বাকী ৩ জনক সোধপোচ কৰি থকা বুলি আৰক্ষী সূত্ৰই জনাইছে।

বন্ধ সমৰ্থকে উদ্ভণ্ডালি কৰা বুলি একাংশ লোকে অভিযোগ কৰিছে।

বন্ধই গোটেই জিলাখনতে সৰ্বাত্মক প্ৰভাৱ পেলায়।

বিটিচি প্ৰশাসনে বিটিএ’ডিত অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা নতুন ভূমি নীতি লৈছে বুলি আক্ৰাছু, এবিএমছু, আগছু, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই এই বন্ধৰ আহ্বান জনাইছিল।

সংগঠনকেইটাই ‘ভূমি নীতি’ৰ প্ৰতিবাদ কৰিবৰ বাবে যোৱা ২৭ ফেব্ৰুৱাৰিত আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ এক যৌথ মঞ্চ গঠন কৰিছিল।

Related News