NORTHEAST NOW (Assamese)

বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত নহয় অসমৰ ভূমি : ৰাজনাথ সিঙ

December 9, 2017 11:48 am · এন ই নাও নিউজ ব্যুৰো

২০১৫ চনত নগা বিদ্ৰোহীৰ লগত কেন্দ্ৰীয় চৰকাৰে কৰা নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নাগালেণ্ডৰ কহিমাৰ ওচৰৰ কিছামা গাঁৱত চলি থকা হৰ্নবিল উৎসৱৰ অষ্টম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত হৈ নাগা ফেমৱৰ্ক চুক্তিৰ বিষয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ বাবে উক্ত ৰাজ্যকেইখনৰ ভৌগোলিক অখণ্ডতা বিনষ্ট নহয়। লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীজনে এই সন্দৰ্ভত নগা সংগঠনৰ লগত আলোচনা অব্যাহত ৰাখিছে। এই চুক্তিৰ ফলত নাগালেণ্ডৰ সীমান্তৱৰ্তী ৰাজ্য কেইখনৰ ভৌগোলিক অখণ্ডতা অপৰিৱৰ্তীত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জনায়। উল্লেখযোগ্য যে হৰ্নবিল উৎসৱৰ উদ্বোধক হিচাপে উপস্থিত থকা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণ প্ৰসংগত নাগালেণ্ডৰ দীৰ্ঘদিনীয়া দাবী পুৰণ হ’ব বুলি মন্তব্য কৰিছিল। তেওঁৰ এই মন্তব্যৰ পিছতে অসম-মণিপুৰ তথা অৰুণাচল প্ৰদেশত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

আনহাতে একেটা অনুষ্ঠানতে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে নাগালিম গঠন কৰা হ’ব বুলি ভাষণ প্ৰসংগত জনায়। এই চুক্তিৰ ফলত ভাৰত-ম্যানমাৰ সীমান্তৰ দুয়োপাৰে থকা নগা সকলৰ মাজত ব্যাহত হৈ থকা সকলো সম্পৰ্কৰ এতিয়া স্থায়ী সমাধান হ’ব। দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্য গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰই এই চুক্তি সম্পাদনা কৰা বুলি গৃহ মন্ত্ৰী গৰাকীয়ে জনায়। উল্লেখযোগ্য যে উত্তৰ-পূবৰ শান্তি-সম্প্ৰীতি, সুস্থিৰতা, উন্নয়ন আৰু বিকাশৰ পথত নাগালেণ্ডে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি গৃহ মন্ত্ৰী গৰাকীয়ে জনায়। গৃহ মন্ত্ৰীৰ এই ঘোষণাৰ পিছত বিভিন্ন জাতীয় দল-সংগঠন তথা অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰৰ প্ৰতিক্ৰিয়া মন কৰবি লগীয়া হ’ব।

Related News