NORTHEAST NOW (Assamese)

বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে নলবাৰীত অগপৰ শংখনাদ কাৰ্যসূচী

July 18, 2018 2:28 pm · এন ই নাও নিউজ
Updated: July 18, 2018 2:32 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে অৰ্থ্যাৎ ১৯ জুলাইত অসম গণ পৰিষদ দলৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা অগপৰ নলবাৰী সমষ্টিৰ সহযোগত আয়োজন কৰা হৈছে বিশাল ৰাজহুৱা সভা তথা শংখনাদ কাৰ্যসূচী।

অগপই এই কাৰ্যসূচীৰ জৰিয়তে বিধেয়কখনৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে বিধেয়কখনৰ পৰা হ’ব পৰা অসমৰ ক্ষতিৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে নলবাৰী জিলা অগপ সমিতিয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে নলবাৰীৰ ঐতিহাসিক গৰ্ডন খেলপথাৰত ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফনীভূষন চৌধুৰী, দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দই উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে এসময়ৰ আঞ্চলিকতাবাদৰ দূৰ্গস্বৰূপ নলবাৰীত আঞ্চলিক দলটোৰ হেৰোৱা স্থিতি পুনৰ উদ্ধাৰৰ বাবে শেহতীয়াকৈ অগপৰ নলবাৰী জিলা সমিতি আৰু ভাতৃ সংগঠন যুৱ পৰিষদৰ নেতা-কৰ্মীয়ে প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

ইফালে নলবাৰী অগপত বিগত কিছুদিনৰ পৰা কংগ্ৰেছ, বিজেপিৰ লগতে অৰাজনৈতিক দল-সংগঠনৰ আগশাৰীৰ নেতা-কৰ্মীৰ যোগদানে স্বাভাৱিকতে আঞ্চলিক শিবিৰটোৰ শক্তি এক অন্য দিশলৈ গতি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

Related News