NORTHEAST NOW (Assamese)
অসম

বেংগালুৰুত নামঘৰ স্থাপন শ্ৰীমন্ত শংকৰদেৱ সমাজৰ

Posted by: এন ই নাও নিউজ March 11, 2018 8:07 pm

বেংগালুৰুত স্থাপন হ’ল এটা নামঘৰ। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ বেংগালুৰু সমিতিয়ে আজি দেওবাৰে এই নামঘৰটো স্থাপন কৰে।

মহানগৰখনৰ চিন্নাপান্না হাল্লিৰ চেনাপ্পা লে’ আউটৰ মাৰুতি নগৰত এই অস্থায়ী নামঘৰটো উদ্বোধন কৰে।

উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে যোৱা বছৰৰ চেপ্তেম্বৰ মাহত শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে এখন ভাওনা অনুষ্ঠিত কৰিছিল।

অসমৰ মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰীৰ পৰা আমন্ত্ৰণ কৰি নিয়া শিল্পীদলে সেই ‘কংস বধ’ ভাওনাখন প্ৰদৰ্শন কৰিছিল।