NORTHEAST NOW (Assamese)
অসম

নাক দীঘল থকা লোকে এতিয়াও হিমন্তৰ গাৰ পৰা কংগ্ৰেছৰ গোন্ধ পায় : ৰকিবুল হুছেইন

Posted by: পুলেন্দ্ৰ দাস November 6, 2018 9:03 am
99d18de6-34e2-4d4e-adfd-9288b03da78a

ভলুকা বাঁহৰ লগতে “আদাৰ বেপাৰী” প্ৰসংগত ৰাজ্যত বিশেষভাবে চৰ্চিত হোৱাৰ সময়তে নিজকে “আদাৰ বেপাৰী” বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

বৰপেটা আৱৰ্ত ভৱনত সোমবাৰে সন্ধিয়া আয়োজন কৰা এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কয় যে, নাক দীঘল থকা লোকে এতিয়াও হিমন্তৰ গাৰ পৰা কংগ্ৰেছৰ গোন্ধ পায় ৷

সুদীৰ্ঘ ২৩ বছৰ কাল কংগ্ৰেছত থাকি এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হিমন্তই কংগ্ৰেছ দলক বেয়া বুলি কোৱাটো স্বাৰ্থপৰৰ লক্ষণ বুলিও মন্তব্য কৰে হুছেইনে ৷

সংবাদমেলত ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও যথেষ্ট সৰৱ হোৱা দেখা যায়। সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাটো বিজেপি দলৰ এক বৃহৎ বিফলতা বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

ৰাজ্য চৰকাৰখনে অসম বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবেই সমাগত পঞ্চায়ত নিৰ্বাচনত অসমবাসীয়ে বিজেপি দলক আৰু ভোট নিদিয়ে বুলিও কয় হুছেইনে ৷ সংবাদমেলত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।