NORTHEAST NOW (Assamese)
অসম

লুই বাৰ্জাৰ গোচৰত হিমন্ত বিশ্ব শৰ্মাক জেৰা কৰাৰ কথা অস্বীকাৰ চি বি আইৰ

Posted by: এন ই নাও নিউজ November 6, 2018 8:21 am
Bhaben_Himanta-750x375

লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চি বি আইয়ে জেৰা কৰাৰ বাতৰি সোমবাৰে তদন্তকাৰী সংস্থা চি বি আইয়ে অস্বীকাৰ কৰে। একাংশ সাংবাদ মাধ্যমত লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰত মন্ত্ৰীগৰাকীক জেৰা কৰা বুলি প্ৰকাশ পোৱা বাতৰি চি বি আইৰ মুখপাত্ৰ আৰ কে গৌৰে অস্বীকাৰ কৰিছে।

চি বি আইৰ মুখপাত্ৰ গৌৰে জানিবলৈ দিয়ে যে,’’একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে তেনে কোনো জেৰা কৰা হোৱা নাছিল।‘’

উল্লেখযোগ্য যে কেলেংকাৰিটোৰ গুচৰীয়া ভৱেন সন্দিকৈয়ে দেওবাৰে এটা বিবৃতি যোগে মন্ত্ৰী শৰ্মাক ১ আৰু ২ নৱেম্বৰত নতুন দিল্লীত চি বি আইয়ে ২২ ঘণ্টা জেৰা কৰাৰ কথা সদৰী কৰিছিল।

ইয়াৰ আগেয়ে চি বি আয়ে মন্ত্ৰীজনক জেৰা নকৰা প্ৰসংগত কেলেংকাৰিটোৰ তদন্তৰ বাবে আইনী যুঁজ দি থকা স্বৰাজ অসমৰ নেতা ভৱেন সন্দিকৈয়ে অভিযোগ কৰি আহিছিল যে মোদী আৰু অমিত শ্বাহৰ সৈতে সুসম্পৰ্ক থকা বাবেই মন্ত্ৰীজন তদন্তৰ আওতাৰ পৰা বাহিৰত থাকিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰৰ তদন্তৰ বাবে ভৱেন সন্দিকৈয়ে দীৰ্ঘদিনীয়া যুঁজ অব্যাহত ৰাখিছে। কেলেংকাৰিটোৰ তদন্ত বৰ্তমান চি বি আয়ে গ্ৰহণ কৰি প্ৰক্ৰিয়া আগ বঢ়াই নিছে। মন কৰিব লগীয়া কথাটো হ’ল কেলেংকাৰিটোৰ এজন অন্যতম অভিযুক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

তদুপৰি, ২০১৫ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা ৰাজহুৱা স্বাৰ্থৰ গোচৰটোৰ ভিত্তিত উচ্চ ন্যায়ালয়ে চি বি আইক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

আনহাতে, দেওবাৰে মন্ত্ৰী শৰ্মাই কৈছিল যে তেওঁক চি বি আয়ে জেৰা কৰা নাছিল আৰু তেওঁ সন্দিকৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব।

ইপিনে, ভৱেন সন্দিকৈয়ে মন্ত্ৰীজনৰ তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তক আদৰণি জনাই কৈছিল, “কোনো কথা নাই, দিয়ক মোৰ বিৰুদ্ধে গোচৰ। প্ৰত্যাহ্বান দিছে যিহেতু তেওঁ, গতিকে গ্ৰহণ কৰিবই লাগিব।”