NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত দলঙৰ নামত মৰণফান্দ সদৃশ লোৰ ছিৰি : নিৰ্লিপ্ত প্ৰশাসন

Posted by: কাজি জেইদুল ইছলাম June 10, 2018 9:10 pm

ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল কোবাই থকাৰ সময়তে বিশ্বনাথৰ এক ভিতৰুৱা অঞ্চলত দেখিবলৈ পোৱা গৈছে ইয়াৰ এক বিপৰীত ছবি।

বিশ্বনাথৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত দিৰিং পথাৰ আৰু দিৰিং বিজয়পুৰ সংযোগী দলংখন আজি পৰ্যন্ত নিৰ্মাণ হৈ নুঠিল। যাৰ বাবে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জীয়াতু ভুগিব লগা হৈছে।

উল্লেখযোগ্য যে দলংখন নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ অৱগত কৰি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ কিম্বা জনপ্ৰতিনিধিৰ গা লৰা নাই বুলি একাংশ লোকে অভিযোগ কৰিছে।

অতি শীঘ্ৰে যদিহে দলংখন নিৰ্মাণ কৰা নহয় পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে সদৌ শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মঃ আজমত শ্বেখ, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা আৰু সম্পাদক জিন্টু বৰাই।

কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই অঞ্চলৰ লোকসকলৰ অনুৰোধ আৰু দাবীক গুৰুত্বসহকাৰে লৈ তেওঁলোকৰ সমস্যাক সমাধান কৰিবনে? সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন।