NORTHEAST NOW (Assamese)
অটো

আৰম্ভ হ’ল আমাজন ফ্ৰীডম চেল; ১৮,০০০-২০,০০০ টকা পৰ্যন্ত ঘুৰি আহিব পকেটলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2019 2:45 pm
07_08_2019-amazon-prime-sale-freedom-s_19467995

আজিৰ পৰা আৰম্ভ হৈছে ২০১৯ বৰ্ষৰ আমাজনৰ বাৰ্ষিক ফ্ৰীডম চেল। ৮ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা ফ্ৰীডম চেল ১১ আগষ্টৰ নিশা ১১.৫৯ বজালৈ চলি থাকিব।

আমাজন ফ্ৰীডম চেলত গ্ৰাহক সকলে আমাজনৰ পৰা ক্ৰয় কৰিবলগীয়া সামগ্ৰী সমূহত বিশাল ৰেহাই লাভ কৰিব।

এই ক্ষেত্ৰত আমাজন প্ৰাইম মেম্বাৰ সকলে আগষ্টৰ ৭ তাৰিখৰ পৰাই এই বিশেষ ৰেহাইৰ সুবিধা লাভ কৰিছে।

আনহাতে, বিশেষ ৰেহাইৰ উপৰিও এছ বি আই ক্ৰেডিট কাৰ্ড ব্যাৱহাৰকাৰী সকলে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অতিৰিক্ত ১০ শতাংশ ৰেহাই লাভ কৰিব।

তদুপৰি, আমাজনত ঘৰুৱা বিমানৰ টিকত ক্ৰয়ৰ ক্ষেত্ৰত ২০০০ টকা পৰ্যন্ত কেচবেক লাভ কৰিব উপভোক্তাসকলে।

ইতিমধ্যে আমাজন ইণ্ডিয়াই প্ৰিমিয়াম বাজেটৰ স্মাৰ্টফোনৰ ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ কথা ঘোষণা কৰিছে।

উদাহৰণস্বৰূপে, ওৱান প্লাছ ৭ প্ৰোৰ ক্ষেত্ৰত আমাজন ইণ্ডিয়াই ৩০০০ টকা পৰ্যন্ত এক্সচেঞ্জৰ ক্ষেত্ৰত ৰেহাই দিছে। যিসকল উপভোক্তাই হুৱাই পি৩০ স্মাৰ্টফোন ক্ৰয় কৰিব বিছাৰিছে তেওঁলোকে ২০,৯৯০ টকা মূল্যৰ হুৱাই ৱাটছ জি টি বিনামূলীয়াকৈ লাভ কৰিব।

আমাজন ফ্ৰীডম চেলৰ সুবিধা গ্ৰহণ কৰিব বিচৰা গ্ৰাহকসকলে তলত উল্লেখ কৰা চাৰি প্ৰকাৰৰ সামগ্ৰীৰ বিষয়ে জানি থোৱা উচিত-

স্মাৰ্ট ফোন:  যদি আপুনি স্মাৰ্ট ফোন ক্ৰয় কৰিব বিচাৰিছে তেনেহ’ল এয়া হ’ল স্মাৰ্ট ফোন ক্ৰয় কৰাৰ অতি উত্তম সময়।আমাজন ইণ্ডিয়াই স্মাৰ্টফোন সমূহত ৪০ শতাংশলৈ বিশেষ ৰেহাইৰ ব্যাৱস্থা কৰিছে আমাজন ফ্ৰীডম চেলত।

আমাজনে উল্লেখ কৰা অনুসৰি ঝিয়োমি, ৰেডমি ৭, ৰেডমি ওৱাই ৩ ৰ ক্ষেত্ৰত গ্ৰাহকে ৭,৫০০ টকালৈ ৰেহাই লাভ কৰিব।

চেমচাং স্মাৰ্টফোন ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকসকলে ১৮,০০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব। অ’পো স্মাৰ্টফোনৰ ক্ষেত্ৰতো ৯,০০০ টকা পৰ্যন্ত ৰেহাই লাভৰ সুবিধা আছে।

স্পীকাৰ আৰু হেডফোন: স্পীকাৰ আৰু হেডফোনৰ ক্ষেত্ৰতো আমাজনে গ্ৰাহকসকলক ৬০ শতাংশ পৰ্যন্ত ৰেহাই দিছে। ইয়াৰ উপৰিও জে বি এল আৰু বোট স্পীকাৰ মাত্ৰ ৯৯৯ টকাৰ পৰাই ক্ৰয় কৰিব পাৰিব।

স্মাৰ্ট ঘড়ী আৰু ফিটনেছ ট্ৰেকাৰ: স্মাৰ্ট ঘড়ী আৰু ফিটনেছ ট্ৰেকাৰৰ ক্ষেত্ৰতো আমাজনে ফ্ৰীডম চেলত ৰেহাইৰ ব্যৱস্থা কৰিছে। স্মাৰ্ট ঘড়ীৰ ক্ষেত্ৰত ৫০-৬০ শতাংশ ৰেহাই দিয়াৰ লগতে ফিটনেছ ট্ৰেকাৰ ৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

স্মাৰ্ট টিভি: স্মাৰ্ট টিভি ক্ৰয়ৰ বাবে গ্ৰাহক লকলে আমাজন ফ্ৰীডম চেলৰ সুবিধা গ্ৰহণ কৰিব পাৰে। স্মাৰ্ট টিভি ক্ৰয়ৰ ক্ষেত্ৰত আমাজন ইণ্ডিয়াই ৬০ শতাংশ পৰ্যন্ত ৰেহাই দিছে। আনহাতে মাত্ৰ ৮৩৩ টকা ই এম আইত আমাজনে গ্ৰাহকলৈ স্মাৰ্ট টিভি আগবঢ়াইছে।

চোনী, চেমচাং আদি টিভি গ্ৰাহকসকলে আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব।