NORTHEAST NOW (Assamese)
Popular Stories

আইৰণৰ অভাৱত ভোগে ৯০ শতাংশ ভাৰতীয় মহিলা; ডাঙৰ ৰোগৰ পৰা হাত সাৰিবলৈ কি কি খাব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2024 10:09 am

ভাৰতীয় মহিলাৰ ৯০ শতাংশই আইৰণৰ অভাৱজনিত ৰোগত আক্ৰান্ত। ইয়াৰ কেইবাটাও লক্ষণ দেখা যায়। কিন্তু বহুতেই সেইবোৰ অৱহেলা কৰে। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। এই সমস্যাবোৰৰ বেছিভাগেই সঠিক সময়ত চিকিৎসা কৰিলে দূৰ কৰিব পৰা যায়।

আইৰণৰ অভাৱত হোৱা ৰোগ বাঢ়িছে

আইৰণৰ অভাৱত হোৱা প্ৰথম ৰোগ হ’ল মহিলাৰ ৰক্তহীনতা। ৯০ শতাংশ ভাৰতীয় মহিলা এই ৰোগত আক্ৰান্ত। ৰক্তহীনতাৰ লক্ষণসমূহ হ’ল ক্লান্তি আৰু দুৰ্বলতা। ইয়াৰ উপৰিও সঠিকভাৱে উশাহ ল’ব নোৱাৰা, ভালদৰে চিন্তা কৰিব নোৱাৰা আৰু সিদ্ধান্ত ল’ব নোৱাৰাৰ সমস্যা (impaired cognitive function) দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

কিহৰ ফলত ৰক্তহীনতা হয়?

শৰীৰৰ বাবে আইৰণ এক গুৰুত্বপূৰ্ণ ধাতু। ই হিম’গ্লবিন উৎপাদনত সহায় কৰে। এই হিম’গ্লবিনে তেজৰ মাজেৰে অক্সিজেন কঢ়িয়াই লৈ যায়। সেই অক্সিজেন সমগ্ৰ শৰীৰত বিয়পি পৰে। কিন্তু আইৰণ অবিহনে হিম’গ্লবিনৰ পৰিমাণ কমি যায়। ফলত ৰক্তকণিকা পৰ্যাপ্ত পৰিমাণে উৎপন্ন নহয়। সেয়ে তেজত উপযুক্ত পৰিমাণৰ অক্সিজেন কঢ়িয়াই নিব নোৱাৰে। শৰীৰৰ বিভিন্ন অংশত অক্সিজেনৰ পৰিমাণ কমি যায়।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

আইৰণৰ অভাৱৰ কাৰণ

বেছিভাগ মহিলাৰ শৰীৰত অক্সিজেনৰ অভাৱৰ কেইবাটাও কাৰণ থাকে।

  • প্ৰতিমাহে ঋতুস্ৰাৱৰ সময়ত শৰীৰে যথেষ্ট পৰিমাণে তেজ উলিয়াই দিয়ে। ফলত ৰক্তহীনতাৰ সমস্যা বাঢ়ি যায়।
  • আইৰণযুক্ত খাদ্য কমকৈ খোৱা। বহুতে নাজানে প্ৰকৃততে কোনবোৰ খাদ্যত আইৰণ প্ৰচুৰ পৰিমাণে থাকে।
  • জাংক ফুড বা ফাষ্ট ফুড বেছিকৈ খোৱাৰ অভ্যাস।
  • প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।
  • কিছুমান ক্ষেত্ৰত কঠোৰ খাদ্যাভ্যাস পালন কৰাটোৱেও এই সমস্যাৰ সৃষ্টি কৰে। এনে খাদ্যাভ্যাস গ্ৰহণ কৰাৰ সময়ত শৰীৰে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান নাপায়।
  • গৰ্ভৱতী মহিলাই প্ৰায়ে ৰক্তহীনতাত আক্ৰান্ত হয়।
  • ভিটামিন বি ১২ আৰু ফলিক এচিডৰ অভাৱতো ৰক্তহীনতা হ’ব পাৰে। এই দুটাৰ অভাৱত হাড়ৰ মজ্জাৰ উৎপাদন হ্ৰাস পায়।

কি কি খাদ্যত আইৰণ পাব?

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।
  • স্তন্যপায়ী প্ৰাণীৰ মাংস অৰ্থাৎ ৰেড মিটত সৰ্বাধিক আইৰণ থাকে।
  • পালেংশাক
  • কোমোৰাৰ গুটি, বীনৰ গুটি
  • খেজুৰৰ দৰে শুকান ফল
  • বাদাম
  • কলফুল