NORTHEAST NOW (Assamese)
অসম

টিআৰপি গোচৰত মুম্বাই আৰক্ষীৰ শপতনামাত নাম সোমাল ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণব গোস্বামীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2021 6:44 pm
WhatsApp Image 2021-06-22 at 6.17.00 PM

বহুচৰ্চিত টিআৰপিৰ গোচৰত মুম্বাই আৰক্ষীয়ে ইয়াৰ শপতনামাত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা এংকৰ অৰ্ণব গোস্বামীৰ নাম সন্নিৱিষ্ট কৰিছে।

মুম্বাই আৰক্ষীয়ে ইয়াৰ ১৮০০ পৃষ্ঠাৰ দ্বিতীয়খন পৰিপূৰক শপতনামাত ৰিপাব্লিক টিভিৰ চাৰিগৰাকী স্বত্তাধিকাৰ ক্ৰমে অৰ্ণব গোস্বামী, চীফ অপাৰেটিং অ’ফিচাৰ প্ৰিয়া মুখাৰ্জী, শিবেন্দু মুলেলকাৰ আৰু শিৱা সুন্দৰমৰ নাম সন্নিৱিষ্ট কৰিছে।

এই কেলেংকাৰীৰ সংক্ৰান্তত যোৱা বছৰ কেলেংকাৰীটোত ৰিপাব্লিক টিভি জড়িত থকাৰ কথা উল্লেখ কৰি মুম্বাই আৰক্ষীৰ আয়ুক্ত পৰম বীৰ সিঙে এটা গোচৰ ৰুজু কৰিছিল।

যোৱা বছৰৰ অক্টোবৰত পৰম বীৰ সিঙে কৈছিল যে মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি, বক্স চিনেমা আৰু ফক্ট মাৰাঠী জড়িত থকা এক টিআৰিপি চক্ৰ উৎখাত কৰিছে।

সিঙে অবিযোগ কৰিছিল যে চেনেলকেইটাই তেওঁলোকৰ দৰ্শক বৃদ্ধি কৰিবলৈ ব্ৰডকাষ্ট অ’ডিয়েন্স ৰিচাৰ্ছ কাউন্সিল (বিএআৰচি)ৰ প্ৰাক্তন চিইঅ’ পাৰ্থ দাসগুপ্তাক উৎকোচ দি টিআৰপি সলনি কৰিছিল।

বিএআৰচিয়ে কেইটামান টিভি চেনেলে ৰেটিং নাম্বাৰ ৰেগিং কৰাৰ অভিযোগ দাখিল কৰাৰ পাছতে টিআৰপি কেলেংকাৰী পোহৰলৈ আহিছিল।

সেইদৰে তেতিয়া মুম্বাই আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।