NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ; বিত্ত বিভাগে দিলে অনুমোদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2021 6:05 pm
Story-3-3-1140x570-750x375

ৰাজ্যৰ কমৰ্চাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে আজি বিত্ত বিভাগে ৩৮.৫০ কোটি অনুমোদন জনায়।

হিতাধিকাৰী কমৰ্চাৰীসকলে কেইবামাহো ধৰি সূদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টো ইতিমধ্যে বিত্তমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিল।

শেহতীয়াভাৱে আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি কমৰ্চাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায়।

তাৎপৰ্যপূৰ্ণ যে ৰাজ্য চৰকাৰৰ ‘আপোনৰ ঘৰ’ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১ হাজাৰ ৯৯৬ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উপকৃত হৈছে।

ইতিমধ্যে এই ‘আপোন ঘৰ’ আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭০ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল।

এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰীয়ে সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হয়।