NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাট চৰকাৰক মোক্ষম আঘাত! দণ্ডাধীশৰ পদোন্নতিত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2023 7:21 pm

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ নহয়, এইবাৰ গুজৰাটৰ বিজেপি চৰকাৰেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মোক্ষম আঘাত সহ্য কৰিবলগীয়া হৈছে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ বিচাৰপীঠে গুজৰাট চৰকাৰৰ জিলা পৰ্যায়ৰ ন্যায়িক দণ্ডাধীশসকলৰ পদোন্নতিৰ এক অধিসূচনাক অবৈধ বুলি ঘোষণা কৰে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয়ৰ বিচাৰপীঠে অধিসূচনাখন অবৈধ বুলি ঘোষণা কৰাৰ লগতে ন্যায়িক বিষয়াসকলৰ পদোন্নতি স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰিছে।

উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশে গুজৰাটৰ মুঠ ৬৮ গৰাকী জিলা পৰ্যায়ৰ বিচাৰপতিৰ পদোন্নতিত বাধাৰ সৃষ্টি কৰিলে। ইয়াৰ সমান্তৰালভাৱে অধিসূচনাৰ জৰিয়তে ইতিমধ্যে পদোন্নতি লাভ কৰা ন্যায়িক বিষয়াৰ পদোন্নতিৰো ৰদ কৰা হৈছে। ইয়াৰ মাজত মোদী উপাধি গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা চুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ হৰিশ হাছমুখভাই বৰ্মাও আছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ মতে গুজৰাট চৰকাৰে নীতি বৰ্হিভূতভাৱে বিচাৰপতিসকলৰ পদোন্নতিৰ অধিসূচনা জাৰি কৰিছে। মেধাসহ জ্যেষ্ঠতাৰ লগতে যোগ্যতা নিৰ্ণায়ক পৰীক্ষাত উত্তীৰ্ণ হোৱা বিচাৰপতিসকলকহে পদোন্নতি দিব পাৰি আৰু তেওঁলোকৰ বাবে ৬৫ শতাংশ পদ সংৰক্ষণ হৈ থাকে।

গুজৰাট চৰকাৰে যোৱা মাৰ্চ মাহত এই নীতি নিয়ম উলংঘা কৰি বিচাৰপতিসকলৰ পদোন্নতিৰ অধিসূচনা জাৰি  কৰিছিল। ইয়াৰ বিৰুদ্ধে দুগৰাকী পদোন্নতি বঞ্চিত ন্যায়িক দণ্ডাধীশে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এই আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে কয় যে গুজৰাট চৰকাৰে নীতি বৰ্হিভূতভাৱে এই অধিসূচনা জাৰি কৰিছিল সেয়ে এই অধিসূচনা অবৈধ আৰু ন্যায়িক বিষয়াসকলৰ পদোন্নতিত স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে গুজৰাট চৰকাৰক মোক্ষম আঘাত দিয়া বুলি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।