NORTHEAST NOW (Assamese)
Popular Stories

৪৮ বছৰীয়া শিক্ষয়িত্ৰীৰ প্ৰেমত হাবুডুবু ২২ বছৰীয়া ছাত্ৰ! ধুমধামেৰে সম্পূৰ্ণ হ’ল বিবাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2023 8:26 pm

প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। প্ৰেমে মানিব নোখোজে কোনো বাধা। প্ৰেম সদায় শ্বাসত, চিৰ সেউজ।

এইবাৰ সমাজ সকলো বাধা নেওচি আগবাঢ়িছে এহাল প্ৰেমিক প্ৰেমিকা। প্ৰেমিকৰ বয়স ২২ বছৰ, আনহাতে প্ৰেমিকাৰ বয়স ৪৮ বছৰ।

অডিটি চেণ্ট্ৰেল নিউজৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০১৬ চনত মালয়েছিয়াৰ বাসিন্দা মহম্মদ ডেনিয়েল আহমদ আলী নামৰ ছাত্ৰজনে জুনিয়ৰ হাইস্কুলত পঢ়ি থকাৰ সময়তে সেই স্কুলত শিক্ষকৰ্তা কৰি আছিল জামিলা মহম্মদ নামৰ এগৰাকী মহিলাই। স্কুলৰ সময়ত এই দুই ছাত্ৰ-শিক্ষকৰ মাজত গঢ় লৈ উঠিছিল মধুৰ সম্পৰ্ক।

ইফালে ডেনিয়েলে পৰৱৰ্তী শ্ৰেণীলৈ উঠি যোৱাৰ পিছত দুয়োৰে মাজত যোগাযোগ নোহোৱা হয়। কিন্তু হঠাতে এদিন ডেনিয়েল যেতিয়া হেডমাষ্টৰৰ অফিচলৈ গল তেতিয়া তেওঁ জমিলাক দেখা পালে। ইয়াৰ পিছত ছাত্ৰজন আকৌ বলিয়া হৈ পৰিল জমিলাৰ প্ৰেমত।

ইফালে জমিলাইও সেই বছৰ তেওঁৰ জন্মদিনৰ শুভেচ্ছা পঠিয়াইছিল। তেনেকৈয়ে দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হল আৰু ডানিয়েলে জমিলাৰ আগত নিজৰ প্ৰেম স্বীকাৰ কৰিলে।

কিন্তু জমিলাই লগে লগে সেই “প্ৰেম” নাকচ কৰিলে। কাৰণ আছিল তেওঁলোকৰ বয়সৰ পাৰ্থক্য। ডেনিয়েল জামিলাতকৈ ২৬ বছৰ সৰু। তাৰ পিছতো ডেনিয়েলে পিছ নেৰিলে জামিলাৰ।

ইফালে প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছত ডেনিয়েলে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰটো বিচাৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত ঠিকনাটো বিচাৰি পায়। ইয়াৰ পিছত ঘৰলৈ গৈ পুনৰ জমিলাক লগ কৰি মনৰ কথা কলে ডেনিয়েলে।

বহুত বুজনিৰ পিছত জমিলা মান্তি হয় আৰু ডেনিয়েলক স্বামী হিচাপে গ্ৰহণ কৰে। জনা যায় যে দুয়োজনে পৰিয়ালৰ অনুমতি লৈ বিয়া পাতিছিল। ২২ বছৰীয়া ডেনিয়েলে ২০২১ চনত ৪৮ বছৰীয়া জামিলাক বিয়া কৰাইছিল।

উল্লেখ্য যে ২০০৭ চনত নিজৰ প্ৰাক্তন স্বামীৰ সৈছে বিবাহ-বিচ্ছেদ হৈছিল জামিলা নামৰ শিক্ষিকাগৰাকীৰ।