NORTHEAST NOW (Assamese)
অসম

ভোডাফোনৰ গ্ৰাহকৰ বাবে সুখবৰ; সপ্তাহৰ শনিবাৰ-দেওবাৰে ব্যৱহাৰ কৰিব পাৰিব দৈনিক ৰাহি হোৱা ডাটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 1:07 pm

টেলিকম কোম্পানীসমূহৰ প্ৰতিযোগিতাৰ দৌৰত জিঅ’ই এয়াৰটেল, ভোডাফোন, বিএছএনএলৰ দৰে কোম্পানিসমূহক প্ৰায় নি:শেষ কৰাৰ দিশে আগবাঢ়িছে।

জিঅ’ই বিনামূলীয়া ডাটাৰ লগতে আন আন লোভনীয় অফাৰৰ জৰিয়তে ব্যাপক সংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

কিন্তু জিঅ’ক এইবাৰ প্ৰত্যাহ্বান জনাই ভোডাফোন আইডিয়া লিমিটেডে এক অফাৰ আগবঢ়াইছে যিটো জিঅ’ৰ গ্ৰাহকসকলৰ বাবেও দুৰ্লভ।

ভোডাফোনে আগবঢ়োৱা এই অফাৰ লাভ কৰিব প্ৰিপেইড গ্ৰাহকসকলে।

এতিয়াৰে পৰা ভোডাফোনৰ গ্ৰাহকসকলৰ অব্যৱহৃত ডাটাৰ অপচয় নহয়।

যদি আপুনি লাভ কৰি অহা দৈনিক ডাটা সম্পূৰ্ণৰূপে খৰচ কৰিব নোৱাৰে তেন্তে এতিয়াৰ পৰা আৰু চিন্তা নাই।

কিয়নো অৱশিষ্ট ডাটাখিনি আপুনি এতিয়া সপ্তাহৰ শনিবাৰ আৰু দেওবাৰৰ দিনটোত ব্যৱহাৰ কৰিব পাৰিব।

সপ্তাহৰ পাঁচটা দিন অৰ্থাৎ সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰলকৈ আপোনাৰ ৰাহি হোৱা ডাটাখিনি শনিবাৰ আৰু দেওবাৰে খৰচ কৰিব পাৰিব।

ইয়াৰ পূৰ্বে এই ধৰণৰ আকৰ্ষণীয় অফাৰ অন্য কোনো কোম্পানিয়ে নিজৰ গ্ৰাহকসকলৰ বাবে আগবঢ়োৱা নাই।

উল্লেখণীয় যে, এই সুবিধা লাভৰ বাবে গ্ৰাহকসকলে কোনোধৰণৰ অতিৰিক্ত মাচুল পৰিশোধ কৰিব নালাগে।