NORTHEAST NOW (Assamese)
অসম

অসমত দেওবাৰলৈকে ২৬৩টা লকডাউন উলংঘনৰ ঘটনা, ৩৪০জনক গ্ৰেপ্তাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 29, 2020 8:02 pm
Lockdown: 314 cases of violation reported in Assam

অসমত দেওবাৰৰ আবেলি চাৰি বজালৈকে ২৬৩টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে।

শনিবাৰলৈকে তিনিজন ব্যক্তিক এই সংক্ৰান্তত জেললৈ প্ৰেৰণ কৰা হৈছে।

লকডাউন উলংঘনৰ ঘটনাক লৈ গোচৰ পঞ্জীয়ন হৈছে ১৭৮টা।

লকডাউন উলংঘাৰ বাবে আৰক্ষীয়ে মুঠ ৩৪০ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

লকডাউনৰ সময়চোৱাত মুঠ ৯০৬খন বাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৭৫৭খন দুচকীয়া, ২খন তিনিচকীয়া আৰু ১৪৭খন চাৰিচকীয়া বাহন।

লকডাউনৰ সময়চোৱাত মুঠ ৩,৮৫,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাত্মক কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় পোৱাগৈ নাই।

দেওবাৰলৈকে বিশ্বত ৬৭৮,৯১০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ৩১ হাজাৰতকৈয়ো অধিক লোকৰ।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। মৃত্যু হৈছে ২৫ গৰাকী লোকৰ।