NORTHEAST NOW (Assamese)
অসম

পেট্ৰল ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত বিশ্বনাথত প্ৰতিবাদ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 1, 2020 4:58 pm

পেট্ৰল আৰু ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্যবৃদ্ধি পত্যাহাৰৰ দাবীত আজু বিশ্বনাথৰ দুই ঠাইত প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এফালে বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ ওচৰত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্স্কবাদী )ৰ  বিশ্বনাথ জিলা সমিতিৰ হৈ চি পি আই (এম)এ বিশ্বনাথ জিলাৰ সম্পাদক গংগা পৰাজুলি উপস্থিতিত সামাজিক দুৰত্ব আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰতিনিধি সকলক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

২ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদকাৰী সকলে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

দলটোৱে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক অবিলম্বে হ্ৰাস কৰা, পেট্ৰল ডিজেলৰ লেকামহীন মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আনফালে, বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ৰোডৰ চন্দ্ৰপুৰ বাকৰিত বিশ্বনাথ সমষ্টি আম আদমী পাৰ্টীৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম অভাৱনীয়ভাবে মূল্য বৃদ্ধি কৰাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

আম আদমী পাৰ্টীৰ বিশ্বনাথ সমষ্টিৰ সমন্বয়ক প্ৰভাত কুমাৰ বৰা, সম্পাদক ডঃ বশিষ্ঠ শৰ্মা উপস্থিতিত দলৰ কেইবাজনো কৰ্মকৰ্তা লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধাণমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।