NORTHEAST NOW (Assamese)
অসম

দিখৌমুখৰ খহনীয়াৰ কবলত পৰা মথাউৰিত জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনৰ আশ্বাস বিধায়ক প্ৰদীপ হাজৰিকাৰ

Posted by: ৰাজীৱ দত্ত August 3, 2018 7:25 pm
দিখৌমুখৰ খহনীয়াৰ কবলত পৰা মথাউৰিত জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনৰ আশ্বাস বিধায়ক প্ৰদীপ হাজৰিকাৰ

যোৱা ৩০ জুলাইত হঠাৎ বাঢ়ি অহা দিখৌ নৈৰ প্ৰলয়ংকৰী সোঁতে শিৱসাগৰ ৰাজহ চক্ৰৰ জকাইচুক মৌজাৰ অন্তৰ্গত দিখৌমুখৰ ৰঘুবাৰীৰ দিখৌ মথাউৰিত অব্যাহত ৰখা খহনীয়াগ্ৰস্ত মথাউৰিটো কালি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে  অস্বাভাৱিক ৰূপত বৃদ্ধি পোৱা দিখৌৰ বৰ্দ্ধিত জলপৃষ্ঠই ৰঘুবাৰীৰ নামঘৰ সমীপৰ দিখৌ মথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ অংশ ভয়ানকভাৱে খহাই মথাউৰিটো ছিঙি নিয়াৰ উপক্ৰম কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ২০ হেজাৰোধিক জনসাধাৰণে মথাউৰিটো ছিগিলে হব পৰা সম্ভাব্য জলপ্ৰলয়ৰ শংকাত যোৱা দিনকেইটা এক কথাত পাৰ কৰিছে বিনিদ্ৰ ৰজনী।

মথাউৰিটোৰ খহনীয়াগ্ৰস্ত অংশ কালি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক বড়াক লগত লৈ আহি পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়হি। অগপৰ দিখৌমুখ আৰু কাৱৈমাৰী আঞ্চলিকৰ বিষয়ববীয়াও উপস্থিত থকা কালত বিধায়কগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি বিভাগীয় কাৰ্যবাহী অভিযন্তাগৰাকীক মথাউৰিটোত সৃষ্টি হোৱা দুৰ্যোগ শীঘ্ৰে প্ৰতিৰোধৰ নিৰ্দেশ দিয়ে।

আনহাতে বিধায়কগৰাকীয়ে স্থানীয় ৰাইজক ইতিমধ্যে মথাউৰিটো জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনেৰে নিৰ্মাণৰ এক প্ৰাক্কলন প্ৰস্তুত কৰি বিভাগীয় অনুমোদৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দি খৰালি মথাউৰিটোৰ খহনীয়া সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।