NORTHEAST NOW (Assamese)
অসম

এঘণ্টাৰ ভিতৰত পাব ক’ভিড টেষ্টৰ ফলাফল, কি জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 1, 2020 5:06 pm
Mother tongue to be medium of instruction upto Class V in Assam schools

অহা শুকুৰবাৰৰ পৰা গুৱাহাটীত এঘণ্টাৰ ভিতৰতে কোভিড-১৯ৰ ফলাফল লাভ কৰিব পাৰিব, বুধবাৰে সংবাদমেলত জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

COVID-19 TESTING AG নামৰ এই পৰীক্ষাৰদ্বাৰা ক’ভিড টেষ্টিং চেণ্টাৰত এঘণ্টাৰ ভিতৰতে টেষ্ট কৰি ৰিজাল্ট দিয়া হ’ব।

তেওঁ কয় যে প্ৰথম অৱস্থাত গুৱাহাটীত এই টেষ্ট আৰম্ভ হ’ব।

“এই টেষ্ট ৰেপিড বা ব্লাড টেষ্ট নহয়। কেৱল নাকৰ পৰা স্বাব লোৱা হ’ব। যদি পজিটিভ আহে সেয়া প্ৰকৃততে পজিটিভ গণ্য কৰা হ’ব। যদি নিগেটিভ আহে বা তেওঁলোকৰ কিবা লক্ষণ থাকে তেন্তে পুনৰ এবাৰ সৱধানতাৰ বা RTPCR পৰীক্ষা কৰোৱা হ’ব,” মন্ত্ৰী শৰ্মাই কয়।

ইপিনে, এতিয়াৰে পৰা ৱেবচাইটৰ জৰিয়তেও জানিব পাৰিব কোভিড ৰিজাল্ট জানিব পাৰিব বুলি তেওঁ সদৰী কৰে।

“টেষ্ট কৰোৱাৰ সময়ত মোবাইলত যোৱা SRF নম্বৰ covidassam.inত গৈ paste কৰিলেই পৰীক্ষা কৰোৱাসকলে নিজৰ ৰিজাল্ট চাব পাৰিব,” তেওঁ জনায়।

শেহতীয়া ৰিজাল্টবিলাক ৱেবচাইটত আপলোড কৰা হ’ব বুলি তেওঁ জনায়।

কালি নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁক ফোন কৰি ভাৰত চৰকাৰৰ পৰ্যালোচনাত গুৱাহাটীৰ ক’ভিড পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰিছে বুলিও তেওঁ জনায়।

মন্ত্ৰীগৰাকীয়ে কয়, “যোৱা ৪-৫ দিনত যিদৰে ক’ভিড ৰোগী চিনাক্ত হৈছে সেয়া দিল্লী মুম্বাইৰ পেটাৰ্নত আগবঢ়াৰ ইংগিত বুলি ICMRএ জনাইছে। গতিকে মোক গুৱাহাটীৰ পৰীক্ষা পদ্ধতি কিছু সলনি কৰিবলৈ পৰামৰ্শ দিছে।”

ইয়াৰোপৰি, আজি পুৱাৰ ভাগত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ লগত ICMRৰ সঞ্চালকপ্ৰধানে এক ভিডিও কণফাৰেন্সিঙৰ জৰিয়তে এক নতুন কীটৰ জৰিয়তে পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনায়।