NORTHEAST NOW (Assamese)
Popular Stories

ৰামায়ণ-মহাভাৰতৰ কাহিনী শুনিয়েই শৈশৱ পাৰ কৰিছিল বাৰাক অ’বামাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 12:06 pm

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মনত ভাৰতৰ বাবে আছে এক বিশেষ স্থান, কিয়নো তেওঁ শৈশৱত ইণ্ডোনেছিয়াত থাকোতে ঐতিহাসিক কাহিনী ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্য শুনিয়েই দিন কটাইছিল।

বাৰাক অ’বামাই তেওঁৰ কিতাপ ‘এ প্ৰমিছড লেণ্ড’ (A Promised Land)ত এই কথা প্ৰকাশ কৰিছে।

কিতাপখনত অ’বামাই লিখিছে, ‘হয়তো এইটো ইয়াৰ(ভাৰত) আছিল বিশাল আকাৰ, য’ত বিশ্বৰ জনসংখ্যাৰ ষষ্ঠ অংশ ইয়াতেই আছে। ২০০০ৰো অধিক বিভিন্ন জাতি-জনগোষ্ঠী আছে আৰু ৭০০ৰো অধিক ভাষা কোৱা হয়’।

অ’বামাই কয় যে ২০১০ চনত ৰাষ্ট্ৰপতি হিচাপে ভ্ৰমণৰ পূৰ্বে তেওঁ কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাছিল, কিন্তু মোৰ কল্পনাত এই দেশখন সদায়ে এক বিশেষ স্থানত আছিল।

বাৰাক অ’বামাই তেওঁৰ কিতাপখনত যোগ দিছিল, ‘হয়তো এয়া হৈছিল, কাৰণ মই শৈশৱ কালটি ইণ্ডোনেছিয়াত ৰামায়ণ আৰু মহাভাৰতৰ হিন্দু কাহিনী শুনি বা পুৰণি ধৰ্মৰ প্ৰতি মোৰ আগ্ৰহবাদি বা কলেজৰ পাকিস্তানী আৰু ভাৰতীয় বন্ধুৰ এটা গোটৰ বাবে’।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে কলেজীয়া বন্ধুসকলে বলিউদৰ চিনেমাসমূহৰ প্ৰতিও আগ্ৰহ বৃদ্ধি কৰিছিল।

উল্লেখ্য যে ‘এ প্ৰমিছড লেণ্ড’ কিতাপখনত অ’বামাই ২০০৮ চনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্তলৈকে যাত্ৰাৰ বিষয়ে লিখিছিল।

কিতাপখনতে তেওঁ পাকিস্তানৰ এবটাবাদত আল-কায়েদাৰ প্ৰধান ওচামা বিন লাডেনৰ হত্যাৰ কথাও উল্লেখ কৰিছে।

‘এ প্ৰমিছড লেণ্ড’ কিতাপখনৰ দুটা অংশ আছে, যাৰ প্ৰথম অংশটো আজিৰ পৰা (১৭ নৱেম্বৰ) বিশ্বৰ কিতাপৰ দোকানত উপলব্ধ হ’ব।